লখিমপুৰ, ১১ জুন ; আগন্তুক পঞ্চায়ত নিৰ্বাচন বিৰোধী ঐক্য মঞ্চৰহৈ খেলাৰ পোষকতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ।নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে বিৰোধী ঐক্য মঞ্চৰ প্ৰতি এই আহ্বান জনালে অখিল গগৈয়ে। তেওঁ কয় _আগন্তুক পঞ্চায়ত নিৰ্বাচন উমৈহতীয়া ভাবে খেলা হওক । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই পূৰ্বতে কংগ্ৰেছ দলে অকলে পঞ্চায়ত নিৰ্বাচন খেলিব বুলি দিয়া মন্তব্য প্ৰসংগত অখিল গগৈয়ে ক’লে -তেওঁ পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ কথা কোৱা নাছিল সেইয়া সংবাদ মাধ্যমেহে সৃষ্টি কৰিছিল । সংবাদমেলত অখিল গগৈয়ে লগতে কয় যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী ঢৌ সৃষ্টি হৈছে । নতুন প্ৰজন্ম, শিক্ষিত সমাজ, খিলঞ্জীয়া ৰাইজ এইবাৰ বিজেপিৰ বিৰুদ্ধে থিয় হৈছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰীত ক্ষুণ্ণ হৈ পৰিছে সাধাৰণ ৰাইজ ।সেয়ে ২০২৬ ত এই চৰকাৰৰ বিৰুদ্ধে একেলগে থিয় দিয়াৰ সংকল্প লৈ ১৬ টা বিৰোধী দলকে একত্ৰিত হৈ আগন্তুক নিৰ্বাচন খেলিবলৈ আহ্বান অখিল গগৈৰ । অসমৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত ২০২৬ ত বিজেপিক আঁতৰাবই লাগিব বুলি কয় অখিলে হুংকাৰ দিয়ে আৰু ইয়াৰ বাবেই বিৰোধী ঐক্য মঞ্চই বুজা বুজিৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অবতীৰ্ণ হব লাগে বুলি কয় । মোদীমন্ত্ৰী সভাৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য -অগপ ,ইউ পি পি এলয়ে মন্ত্ৰীত্বৰ সন্দৰ্ভত মৌনব্ৰত পালন কৰিছে ।অসম গণ পৰিষদে আত্ম সমপৰ্ন কৰিছে কেন্দ্ৰৰ ওচৰত । বিশেষ ৰাজ্যৰ মৰ্য্যদা ঘূৰাই আনিব লাগে বুলি সৰ্বানন্দ আৰু হিমন্তই দাবী তোলাৰ বিপৰীতে মৌনতা অবলম্বন কৰিছে । লগতে কলে _ বিজেপি দলত চমচা গিৰী কৰা লোকৰহে কাম ,বাকী সকলৰ কাম নাই ।ৰঞ্জিত দত্ত, দিলীপ শইকীয়া, হতৰ দৰে লোকে চামচা গিৰী কৰিব নোৱাৰে বাবে পদবী নিদিয়ে । তেওঁ কয় – চাহ জনগোষ্ঠী ৰাইজক বঞ্চিত কৰি আহিছে বিজেপি চৰকাৰে ।অসমত বিজেপি দল হল হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী ।এন এইছ পি চি ৰ নামনি সোবনশীৰি জলবিদ্যুত প্ৰকল্প অখিল গগৈয়ে মন্তব্য কৰি কয় – অসমৰ স্বাৰ্থত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো সম্পূৰ্ণকৈ বন্ধ কৰি দিব লাগে । আনহাতে সোৱনশিৰি নদীৰ বুকুত এন এইছ পি চিয়ে মাছৰ পোনা এৰি দিছে বুলি কৈ কয় – _প্ৰাকৃতিক ভাবে ১৬৪ বিধ মাছ থকা সোবনশিৰি নদীত জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বাবে জৈব বৈচিত্ৰ ধংস হৈছে ।কৰিমগঞ্জ লোকসভা সমষ্টিত ৩৮১১ টা অতিৰিক্ত ভোট কেনেকৈ ওলালে তাৰ ওপৰতো প্ৰশ্ন তোলে অখিল গগৈয়ে ।তেওঁৰ দাবী _কৰিমগঞ্জ লোকসভা সমষ্টিত পুনৰ ভোটগ্ৰহন কৰিব লাগে ।একেদৰে কোকৰাঝাৰ সমষ্টিটো পুনৰ ভোটগ্ৰহন কৰিব লাগে বুলি দাবী ৰাইজৰ দলৰ
Home অসম আৰু উত্তৰপূব লখিমপুৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আগন্তুক পঞ্চায়ত নিৰ্বাচন উমৈহতীয়া ভাবে বিৰোধী...










