লখিমপুৰ,১৪ জুন : লখিমপুৰ জিলাৰ নাওবৈচা প্রাথমিক স্বাস্থ্য কেন্দ্ৰত আজি এগৰাকী বোৱাৰীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্থাপিত অভিযোগ অনুসৰি নাওবৈছা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপৰে পাপু হাজৰিকা নামৰ যুৱকজনে নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ পৰিকল্পনাৰে চিকিৎসালয়তে এৰি থৈ পলায়ন কৰে। বিগত চাৰি বছৰৰ পূৰ্বে লখিমপুৰৰ পানীগাঁও থানাৰ অন্তৰ্গত লেছাই গাঁৱৰ গিতাশ্ৰী দত্ত নামৰ যুৱতী গৰাকীৰে বিবাহ পাশত আবদ্ধ হৈছিল পাপু হাজৰিকা। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত পাপু হাজৰিকাই পত্নী গিতাশ্ৰী দত্তক চিকিৎসালয়ত ভৰ্তি কৰে আৰু চিকিৎসালয়তে হত্যা কৰি এৰি থৈ যায় বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰে। এই অভিযোগৰ পাছতে নাওবৈচা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত লখিমপুৰ আৰু নাওবৈচাৰ বিশাল আৰক্ষী বাহিনী আহি নাওবৈচা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বোৱাৰী গৰাকীৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা অব্যাহত থাকে। ঘটনাস্থলীত নাওবৈচা ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰা উপস্থিত হৈ মৃতদেহ পৰীক্ষা কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকৰ অভিযোগ দীৰ্ঘদিন ধৰি স্বামী পাপু হাজৰিকাই গিতাশ্ৰীক মানসিক আৰু শাৰিৰীকভাৱে অত্যাচাৰ চলাই আহিছিল আৰু শেষ পৰিণতি হিচাপে হত্যা কৰি চিকিৎসালয়ত এৰি থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। যোৱানিশাৰে পৰা বোৱাৰীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ উত্তেজনা অব্যাহত থকাৰ পৰৱৰ্তী পৰ্যায়ত আজিও পৰিস্থিতি উত্তপ্ত হৈ পৰে। আজি বিয়লি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত পৰিয়ালৰ লোকে গিতাশ্ৰী দত্তৰ মৃতদেহ স্বামীগৃহৰ চোতালত সৎকাৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । গিতাশ্ৰীৰ পৰিয়ালে উত্থাপন কৰা আন এক অভিযোগ মতে গিতাশ্ৰীৰ স্বামী পাপু হাজৰিকাৰ বৌৱেকৰ লগত থকা অবৈধ সম্পৰ্কৰ বাবেই তেওঁ গিতাশ্ৰী দত্তক পৰিকল্পিত ভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলায়। এই হত্যাকাণ্ডৰ সৈতে অকল পাপু হাজৰিকাই নহয় পৰিয়ালৰ সকলোৱে মিলি গিতাশ্ৰীক হত্যা কৰিছে বুলি অভিযোগ কৰিছে গিতাশ্ৰীৰ পৰিয়ালৰ লোকে। আজিপৰিস্থিতি অধিক উত্তপ্ত হোৱাত লখিমপুৰৰ পৰা বিশাল আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীসহ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে গিতাশ্ৰী দত্তৰ পৰিয়ালৰ লোকে গিতাশ্ৰীৰ মৃতদেহ স্বামী পাপু হাজৰিকাৰ চোতালতে সৎকাৰ কৰে। প্ৰতিবাদকাৰী ৰাইজে পাপু হাজৰিকাৰ পৰিয়ালৰ সকলো লোককে লগ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ইফালে আৰক্ষীয়ে গিতাশ্ৰীৰ স্বামী পাপু হাজাৰিকাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
Home অসম আৰু উত্তৰপূব বোৱাৰীৰ মৃত্যুকলৈ লখিমপুৰত তীব্ৰ উত্তেজনা : উত্তেজিত ৰাইজে আৰক্ষীৰ উপস্থিতিতে স্বামী গৃহৰ...










