লখিমপুৰ, ১৪ জুলাই ; লখিমপুৰ জিলাৰ ঘূণাসুতি উৰীয়াম তলাত এক ভয়ংকৰ আক্ৰমনত চাৰিজন মিচিং জাতীয় সংগঠনৰ নেতা আহত হয় । দুজন যুৱকৰ মাজত হোৱা কাজিয়াৰ পৰিণতিত একাংশ লোকে ৫ ঢলীয়া পচাৰে আক্ৰমণ কৰাৰ ফলত আঘাট প্ৰাপ্ত হয় মনোৰাম টাইড, দলিছন পায়েঙৰ লগতে বহু কেইজন সদস্য। এই আক্ৰমণত ঘূণাসুতি টি এম পি কেৰ আঞ্চলিক সমিতিৰ সদস্য সকলক ৭/৮ জনীয়া এটা দলে আক্ৰমণ কৰে । ঘটনাত৪জন সদস্যৰ গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়। টি এম পি কেৰ অভিযোগ – তেওঁলোকৰ সদস্য সকলক কাটি পানীত পেলায় দিয়াৰ চেষ্টা কৰিছিল। সদস্য সকলে যেনেতেনে নদী পাৰ হৈ আঁতৰি আহি জীৱন ৰক্ষা কৰে । এই আক্ৰমণৰ ঘটনাত পুৰন্দৰ দাস, কেম্পা দাস, ৰমেন দাস, নিপেন দাস বাপকন দাস, খণ্টি দাস,লীলা চুতীয়া নামৰ লোক সকল জড়িত আছে আৰু সদস্য সকলক প্ৰানে মৰা চেষ্টা কৰিছিল।জানিব পৰা মতে টি এম পি কে নামৰ মিচিং জাতীয় সংগঠনটিৰ একাংশ নেতা কৰ্মীয়ে এখন ঘৰুৱা কাজিয়াক মীমাংসা কৰিবলৈ গৈছিল আৰু তাতে একাংশ লোকে আক্ৰমণ কৰে সদস্য সকলক। এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত এটা গোচৰ ৰুজু হৈছে । ঘটনাত গুৰুতৰ ভাবে আহত কেইজনক লখিমপুৰ মেডিকেল কলেজত চিকিৎসা কৰা হৈছে।