হাওৰাঘাট,২৭ জুলাই : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰস্থিত দুগৰাকী উদ্যমী মহিলা ক্ৰমে ৰূমী বৰদলৈ আৰু মঞ্জু বৰাৰ নেতৃত্বত গঢ় লৈ উঠা অন্যতম স্বেচ্ছাসেৱী সংগঠন ‘প্ৰেৰণা ফাউণ্ডেশ্যন’ৰ উদ্যোগত অনুষ্ঠানটোৰ প্ৰথম বৰ্ষপুৰ্টি উপলক্ষে আজি হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে ‘প্ৰেৰণা ফাউণ্ডেশ্যন’ৰ সভানেত্ৰী মঞ্জু বৰাই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা ৰূমী বৰদলৈয়ে । এই সভাতেই বিগত বৰ্ষটোত হাওৰাঘাট অঞ্চলৰ ভিতৰত ক’লা, নৃত্য, বনানীকৰণ আৰু ক্ৰীড়া তথা বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভাৰে উজ্বলি উঠিবলৈ সক্ষম হোৱা ক্ৰমে টেট শিক্ষক অমৰজ্যোতি প্ৰসাদ, স্নাতক মহলাৰ ছাত্ৰ চন্দন খাখলাৰী আৰু তৃতীয় শ্ৰেণীৰ ময়ূখ ৰাজবংশীক কাৰ্বি পহ’ৰে সম্বৰ্ধনা জনোৱাৰ লগতে তিনিওকে শুভেচ্ছামূক সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে হাওৰাঘাট অঞ্চলৰ ভিতৰতে গৰখীয়া পুখুৰী চাৰি আলিৰ পৰা কাৰ্কক বে’ গাৱঁলৈ পথৰ দুয়োফালে শতাধিক বৃক্ষৰোপণ কৰি ভাল কামৰ স্বীকৃতি স্বৰূপে অমৰজ্যোতি প্ৰসাদক সম্বৰ্ধনা , হাওৰাঘাট অঞ্চলৰ পৰা ওলাই গৈ ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি’ নামৰ অসমীয়া বোলছবিৰ এটা গানত নৃত্য প্ৰদৰ্শন, জুবিন গাৰ্গৰ এলবামৰ এটা চাহবাগানীয়া গীতত নৃত্য প্ৰদৰ্শন, দীপলীনা ডেকা অভিনীত ‘Ziddi Kancha’ শীৰ্ষক গীতটোত নৃত্য প্ৰদৰ্শন আৰু যোৰহাটৰ প্ৰাগ চিনে এৱাৰ্ডৰ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন আদি বিভিন্ন ভাল কামৰ বাবে চন্দন খাখলাৰীক সম্বৰ্ধনা জনোৱাৰ লগতে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ময়ূখ ৰাজবংশীক ৰাষ্ট্ৰীয় শ্বটোকান কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি সুনাম কঢ়িয়াই অনা বাবে সম্বৰ্ধনা জনোৱা হয় । ইপিনে স্বেচ্ছাসেৱী সংগঠনটোৰ বিগত বৰ্ষত কৰি অহা বিভিন্ন ভাল কামৰ তথ্য সভাত দাঙি ধৰা হয় । অনুষ্ঠানটিত নিদিষ্ট বক্তা হিচাপে সাৰগৰ্ভ ভাষণ প্ৰদান কৰে প্ৰেৰণা ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ভৱেশ ৰাজবংশীয়ে । বন্তি প্ৰজ্বলন কৰে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰেৰণা ফাউণ্ডেশ্যনৰ উপদেষ্টা দেৱেন্দ্ৰ শৰ্মাই ।
Home অসম আৰু উত্তৰপূব হাওৰাঘাটত প্ৰেৰণা ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপুৰ্টি অনুষ্ঠানত তিনি প্ৰতিভাশালীক সম্বৰ্ধনা









