লখিমপুৰ, ১০ আগষ্ট: লখিমপুৰ জিলাৰ বঙালমৰা থানাত নকল সোণৰ গোচৰ থকা বুলি ভয় দেখুৱাই আৰু উক্ত গোচৰ মিমাংসাৰ কৰি দিয়াৰ বাবে বঙালমৰা আৰু বিহপুৰীয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নামত ধন লোৱাৰ অভিযোগত বঙালমৰাৰ হাচিনা বেগম আৰু ফকৰুদ্দিনকগ্ৰেপ্তাৰ কৰে লখিমপুৰ আৰক্ষীয়ে । যোৱা ছয় আগষ্টত বঙালমৰা ২ নং সোনাপুৰৰ নিৱাসী মহম্মদ মিনালউদ্দিনে তেওঁৰ লগত ঘটা ঘটনাৰ বৰ্ণনা কৰি বঙালমৰা আৰক্ষীৰ চকীত নাচিৰুদ্দিন ,ফকৰুদ্দিন আৰু হাচিনা বেগমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । এজাহাৰ ভিত্তিত আৰক্ষীয়ে বঙালমৰা,বিহপুৰীয়াৰ লখিমপুৰ আদিত জোৰদাৰ তদন্ত চলাই যদিও উক্ত অঞ্চল সমুহ নথকাৰ কথা জানিব পাৰে । আৰক্ষীয়ে হাচিনা বেগমৰ লগত আন এজন অভিযুক্ত ফকৰুদ্দিনক গুৱাহাটী গনেশগুৰিৰ এখন ল’জত থকাৰ নিশ্চত খবৰ লাভ কৰি তাত আজি পুৱতি নিশা অভিযান চলাই দুয়োকে আটক কৰি আটক কৰি লখিমপুৰলৈ লৈ আহে । নিয়ম অনুসৰি আৰক্ষীয়ে দুয়োকে লখিমপুৰ চিকিৎসাৰ মহাবিদ্যালয়ত স্বাস্হ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰায় । অধিক অনুসন্ধানৰ বাবে লখিমপুৰ আৰক্ষীয়ে আদালতৰ পৰা হাচিনা বেগমক ১০ দিনৰ নিজৰ জিম্মাত বিছাৰে । আদালতে হাচিনাক তিনিদিনৰ আৰক্ষীৰ জিম্মাত পঠাই।লখিমপুৰৰ বঙালমৰাত চলি থকা নকল সোণ,নকল টকাৰ কলা সাম্ৰাজ্যৰ বিষয়ে এই গৰাকী হাচিনা বেগমে যোৱাৰ বছৰৰ এপ্ৰিল মাহত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰে । সংবাদমেলত নকল সোণ, নকল টকাৰ কাৰবাৰ কৰা লোক সকলৰ লগতে জিলাখনৰ কিছু আৰক্ষীৰ উচ্চ পদস্থ লোক জৰিত আছে বুলি অভিযোগ আনিছিল। এই খবৰ সংবাদ মাধ্যম সমূহত বিস্তাৰে প্ৰকাশ আৰু প্ৰচাৰিত হোৱাত ৰাজ্যখনত তেতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই অভিযোগ পিছত লখিমপুৰ তদানীন্তন আৰক্ষী অধীক্ষক ড° বেদান্ত মাধৱ ৰাজখোৱা ,অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুনা নেওঁগক জিলাখনৰ পৰা তাৎক্ষণিক ভাবে বদলি কৰা হৈছিল। লখিমপুৰৰ নকল সোণ,নকল টকাৰ ঘাটি সম্পূৰ্ণ ৰূপে নিঃশেষ কৰিবলৈ আই,পি,এছ আনন্দ মিশ্ৰক বিশেষ ভাবে লখিমপুৰ জিলাৰ আৰক্ষীৰ অধীক্ষক দায়িত্ব অৰ্পণ কৰে । অধীক্ষক গৰাকীয়ে দায়িত্ব লৈয়ে নকল সোণ, নকল টকাৰ ব্যৱসায়ত জড়িত সকলৰ বিৰুদ্ধে যিধৰণে অভিযান চলালে আৰু হুংকাৰ দিলে তাত দিকবিদিক হৰুৱাই এই কাৰবাৰ কৰা লোক সকলে।আনন্দ মিশ্ৰ হুংকাৰত কেইদিনমানৰ ভিতৰতে প্ৰাণৰ ভয়ত হিন্দী চিনেমাৰ দৰে দাগী নকল সোণ,নকল টকাৰ বেপাৰ লগত জড়িত প্ৰায় ৭৩ জন মানে নিজ নিজ অঞ্চলৰ থানাত দোষ স্বীকাৰ কৰি আত্মসমৰ্পণ কৰে । মিশ্ৰই জিলাখন এৰি যোৱাৰ পাছত পুনৰ এই কাৰবাৰ যেন আৰম্ভ হৈছে ! গ্ৰেপ্তাৰ হোৱাৰ হাচিনা বেগমে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য দিয়ে । এই গৰাকী মহিলাৰ গ্ৰেপ্তাৰ পাছত বঙালমৰা কিছু কিছু অঞ্চলত মিঠাই বিতৰণৰ হোৱা খবৰে বিশেষ তাৎপৰ্য থকা বুলি অনুমান কৰা হৈছে । বাতৰি লিখা পৰলৈকে নাচিৰুদ্দিন পলাতক হৈ আছে। বৰ্তমান লখিমপুৰ জিলাৰ আৰক্ষীৰ অধীক্ষক মিহিৰজিৎ গায়নে নকল সোণ, নকল টকাৰ কাৰবাৰ বিৰুদ্ধে কি কঠোৰ স্থিতি গ্ৰহণ কৰিব সেয়া হব লক্ষণীয়।
Home অসম আৰু উত্তৰপূব লখিমপুৰৰ আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হাচিনা সহ- এজন :তিনিদিনৰ আৰক্ষীৰ...










