লখিমপুৰ, ষ্টাফ ৰিপটাৰ ২০আগষ্টঃ-লখিমপুৰ জিলাৰ বঙালমৰা’ৰ হাছিনা বেগম’ক আৰক্ষীয়ে আটক কৰাৰ পৰাজাল নোট,ড্ৰাগচ,নকল সোণৰ ৰমৰমীয়া বিশাল চক্ৰৰনেটৱৰ্কৰ লগত জড়িত এন্ধাৰ জগতৰ ব্যক্তি সকলৰ নাম সমুহ পোহৰলৈ আহিছে।বহুৰূপী হাছিনা বেগমক লৈ আজি পুণৰ আৰক্ষীয়ে বঙালমৰাৰ মজঘুলিত অভিযান চলাই ধৃত হাছিনা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত হাছিনাৰ ব্যৱসায় পাটনাৰ ম’হঘূলিৰ ৰহিম উদ্দিনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ জালনোট।নাওবৈচা, বিহপুৰীয়া, বঙালমৰা আৰু খেলমাটি আৰক্ষীৰ দলে এই অভিযানত ৰহিম উদ্দিনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে উক্ত জালনোট খিনি।হাছিনাৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰহিম উদ্দিনে লুকুৱাই ৰখা ৪.৫ লাখ জালনোট খিনি জব্দ কৰে আৰক্ষী দলে।মন কৰিব লগিয়া যে আৰক্ষীয়ে হাছিনাক দুদিনৰ জিম্মাত লৈ চলাইছিল অভিযান।আনহাতে হাছিনাৰ মুখৰ পৰা ওলাইছে বহু জালনোট আৰু নকল সোণ বেপাৰীৰ নাম।পৰৱৰ্তী সময়ত নাম উল্লেখ কৰা ব্যক্তি সকলক কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া আৰক্ষী বিভাগৰ ওপৰতে ন্যস্ত। আজি আদালতত হাজিৰ কৰাই পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল’ব হাছিনাক।