হাওৰাঘাট,২৩ আগষ্ট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰস্থিত ১ নং ৱাৰ্ডৰ বাসিন্দা চম্পা গগৈৰ একমাত্ৰ পুত্ৰ সন্তান তথা প্ৰাক্তন আলফা ববী গগৈ(টংকেশ্বৰ) বিগত ২৬ বছৰে নিৰুদ্দেশ হৈ থকাৰ পিছত শেহতীয়াকৈ আলোচনা পন্থী আলফা অৰ্থাৎ সংযুক্ত মুক্তি বাহিনী, অসম ‘ৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াই পৰিয়ালক দিয়া এক পত্ৰৰ যোগেদি শ্বহীদ ঘোষণা কৰিছে । পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি বিগত ২৬ বছৰৰ আগতেই আলফা সংগঠনলৈ যোৱাৰ পিছত ববী গগৈয়ে ঘৰলৈ ঘূৰি অহা নাছিল । কিন্তু ২৬ বছৰৰ বিৰতিৰ পিছত আলোচনা পন্থী আলফা সংগঠনটোৰ মুৰব্বী অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱাই এখন পত্ৰ পৰিয়ালক প্ৰদানৰ জৰিয়তে শ্বহীদ ঘোষণা কৰিছে । আলোচনা পন্থী আলফা সংগঠনটোৰ ফালৰপৰা এই কথা জনোৱাৰ পিছতে পৰিয়ালে হাওৰাঘাটৰ গাঁৱত বৃহস্পতিবাৰে ববী গগৈৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰে । এই আদ্য শ্ৰাদ্ধৰ থলীৰ হাওৰাঘাটৰ পৰাই পৰিয়াল আৰু কাৰ্বি আংলং জিলা প্ৰাক্তন আলফা ঐক্যমঞ্চৰ হৈ প্ৰতাপ কোচ আৰু সদস্যা আৰতি বৰাই চৰকাৰৰ প্ৰতি আহ্বান জনাই শ্বহীদৰ পৰিয়ালক দহ লাখ টকা এককালীন সাহাৰ্য প্ৰদান কৰিবৰ বাবে আহ্বান জনায়