লখিমপুৰ, ৪ চেপ্তেম্বৰ : লখিমপুৰত কেবিনেট সমিতিৰ বৈঠকৰ দিনাই আজি একাধিক দল-সংগঠনে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেবিনেট বৈঠকত উপলক্ষত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে গিজ গিজাই থকা নগৰখনত ছয় জনগোষ্ঠীৰ যৌথমঞ্চই লখিমপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ একেদৰে নগৰখনৰ খেলমাটিত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় কোচ ৰাজবংশীৰ যৌথ মঞ্চই৷ লক্ষণীয় কথা যে লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনি পৰিদৰ্শন আৰু প্ৰকল্প উদ্বোধন কৰাৰ সময়তে লখিমপুৰ নগৰৰ মাজমজিয়াত ছয় জনগোষ্ঠীৰ যৌথ মঞ্চৰ উদ্যোগত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে সদৌ চুতীয়া জাতি ছাত্ৰ সন্থা আদি কৰ্মীয়ে নগৰখনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ৱাম, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই এনেদৰে প্ৰতিবাদ জনায়৷ আহোম, চুতীয়া, আদিবাসী, মৰাণ, মটক আৰু কোচ ৰাজবংশী যৌথ মঞ্চই এই সন্দৰ্ভত কয় – ৰাজ্যৰ এই ছয় জনগোষ্ঠীক যদি চৰকাৰে শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান নকৰে তেনেহ’লে ৰাজ্যৰ পৰিস্থিতি অতি ভয়াবহ হৈ উঠিব৷ ইফালে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰত কয় – “আমাৰ চৰকাৰে জনজাতিকৰণৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ জনজাতিকৰণক আমি সমৰ্থন কৰো । পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত লৈ থোৱা প্ৰস্তাৱক দোহাৰি মুখ্যমন্ত্ৰীজনে কয় – পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত এটা অদ্ভুত প্ৰস্তাৱ পাছ কৰি থৈছিল৷ তেওঁলোকে প্ৰস্তাৱ লৈছিল যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হওক কিন্তু বৰ্তমানৰ জনগোষ্ঠীসমূহৰ যাতে কোনো ক্ষতি নহয়৷ এই ক্ষেত্ৰত আমি আলোচনা কৰি আছো আৰু যদি কোনো সমাধান নহয় তেনেহ’লে ২০২৫ চনৰ বিধান সভা অধিৱেশনত এই সন্দৰ্ভত নতুন বিধেয়ক আনিব লাগিব বুলিও মুখ্যমন্ত্ৰীজনে কয় ৷