হাওৰাঘাট, ৯ ছেপ্টেম্বৰ : কাৰ্বি আংলং জিলাৰ হাওৰাঘাটস্থিত হাওৰাঘাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত আজি হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে উপস্থিত হৈ নৱম আৰু দশম শ্ৰেণীৰ কক্ষত প্ৰবেশ কৰি দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে জলপানী(Scholarship)কে ধৰি কেইবাটাও বিষয়ত সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে । উল্লেখ্য যে বিধায়ক ৰংহাঙে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কয় যে যদিহে তেওঁলোকে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰি অসমৰ ভিতৰতে ষ্টেণ্ড কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় তেন্তে তেওঁ দুখীয়া ছাত্ৰ বা ছাত্ৰীৰ বাবে পঢ়া-শুনাৰ সম্পূৰ্ণ খৰচৰ দায়িত্ব বহন কৰিব বুলি কোৱৰ লগতে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে পৰীক্ষৰ পিছত শিক্ষামূলক দূৰ ভ্ৰমৰ বাবে সকলোধৰণৰ খৰচ বহন কৰিব বুলি কথা দিয়ে । আনহাতে দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবেও তেওঁ জলপানী(Scholarship) প্ৰদান কৰিব বুলি ছাত্ৰ ছাত্ৰীৰ আগত ঘোষণা কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি তোলে ।
Home অসম আৰু উত্তৰপূব হাওৰাঘাটৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত উপস্থিত হৈ বিধায়ক দৰছিং ৰংহাঙে দুখীয়া ছাত্ৰ –...