লখিমপুৰ, ১ অক্টোবৰ জনগণৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ হকে কাম কৰি এখন সুস্থ সমাজৰ বাবে দিনে নিশাই ব্ৰতী অসম আৰক্ষীৰ আজি আৰক্ষী দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰতো জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ চৌহদত এই দিৱস পালন কৰা হয়। এই উপলক্ষে বিভাগীয় পতাকা উত্তোলন কৰে জিলাৰ আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নে।তেও পতাকা উত্তোলন কৰি আৰক্ষী দিৱসৰ তাৎপর্য, আৰক্ষীৰ সেৱা আদি বিষয়ে বক্তব্য ৰখাৰ লগতে সকলো লৈকে আৰক্ষী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। জিলাৰ আৰক্ষী বিভাগে প্ৰদৰ্শন কৰা মাৰ্চ পাষ্টৰো তেও অভিবাদন গ্ৰহণ কৰে। এই কাৰ্য্য সূচীৰ মাজতে আৰক্ষীৰ লোক সকলক সমাজৰ হকে কাম কৰি যাবলৈ তেও শপত বাক্য পাঠ কৰায়। অনুষ্ঠানত জিলাৰ লৱ কুমাৰ ডেকা, ৰজী গগৈকে ধৰি উচ্চ পদস্থ বিষয়া সকল, আৰক্ষীৰ বিশেষ শাখাকে ধৰি আন বিভাগ সমুহৰ বিষয়া কৰ্মচাৰী তথা আৰক্ষীৰ লোক সকলে অংশগ্রহণ কৰে।










