লখিমপুৰ ২১ নৱেম্বৰ ঃ অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসনে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ বিশেষকৈ অৰুণাচলীয়ে ভয়-ভাবুকিৰে অসমৰ ভূমিত গৃহ নিৰ্মাণ কৰাৰ সমান্তৰালকৈ বৃহৎ বৃহৎ গাঁত খান্দি বাউণ্ডেৰী নিৰ্মাণৰ সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছত লখিমপুৰ জিলা প্ৰশাসন- বন বিভাগৰ গা লৰিছে৷ আজি সংৰক্ষিত বনাঞ্চলখনৰ ৰামপুৰ বগীবিল তথা ৰঙানলাত অৰুণাচলীৰ বেদখল উচ্ছেদত নামে লখিমপুৰৰ বন বিভাগ৷ ৰামপুৰ বগীবিলৰ ৰঙানলা তথা বেলবস্তিৰ ওচৰত অৰুণাচলীয়ে অসমৰ বনাঞ্চলত কেইদিনমান পূৰ্বে স্থাপন কৰা ফেন চিং বেৰাসমূহ আজি লখিমপুৰ প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ কৰে যদিও অৰুণাচলীৰ বাসগৃহ উচ্ছেদ কৰিবলৈ সক্ষম নহ’ল৷ উচ্ছেদ অভিযান চলাবলৈ যোৱা বন বিভাগৰ দলক অৰুণাচলীয়ে ভাুকি প্ৰদান কৰাত অভিযানকাৰী দল উভতি আহে৷ উল্লেখ যে আজি নাওবৈচা ৰাজহ চক্ৰ বিষয়া, হাৰমতী আঞ্চলিক বনা বিষয়া, চিলনীবাৰী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া, কিমিন বন খণ্ড, ফুলবাৰী বন খণ্ড আৰু ৰামপুৰ বগীবিল বন খণ্ডৰ খণ্ড বন বিষয়াসকলৰ উপস্থিতিত ৰঙানলাত অৰুণাচলীয়ে স্থাপন কৰা কাটাতাৰৰ বেৰা উচ্ছেদ কৰি সেইসমূহ অসমৰ বন বিভাগে লৈ আনিবলৈ সক্ষম হয়৷ ইফালে উচ্ছেদৰ সময়ত একাংশ অৰুণাচলীয়ে অসমৰ বন বিভাগক ভাবুকি প্ৰদান কৰাৰ লগতে উচ্ছেদত বাধা দিয়াৰ চেষ্টা কৰে৷ ভৱিষ্যত অৰুণাচলৰ চাৰ্কোল অফিচাৰৰ অনুমতি অবিহনে সেই ঠাইত অসমৰ বন বিভাগক প্ৰৱেশ নকৰিবলৈ সকীয়নি দিয়াৰ লগতে পৰিস্থিতি ভয়াৱহ হ’ব বুলি হুংকাৰ দিয়ে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে উক্ত অঞ্চলতে অৰুণাচলীৰ বেদখল উচ্ছেদ কৰি দুয়োখন ৰাজ্যৰ প্ৰশাসনে এক আলোচনাত মিলিত হৈছিল৷ সেইমৰ্মে বিবদমান এলেকাটোত নতুন কাম নকৰাৰ বাবে দুয়োপক্ষ সন্মত হোৱাৰ পিছত শেহতীয়াকৈ অৰুণাচলীয়ে অসমৰ ভূমি তথা ৰঙা সংৰক্ষিত বনাঞ্চলত খোপনি পুতিবলৈ বিছৰা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷