লখিমপুৰ,৩০ নৱেম্বৰ : লখিমপুৰ জিলাৰ পূব তেলাহীৰ এচেৰাকতা অঞ্চলটো এতিয়াও সৰ্বদিশতে অৱহেলিত এক অঞ্চল হিচাপে পৰিণত হৈছে। বাট-পথৰ অভাৱত চূড়ান্ত দুৰৱস্থাৰ মাজেৰে অঞ্চলটোৰ লোকে বছৰ বছৰ ধৰি যাতায়াত কৰিব লগা হৈছে। সোৱণশিৰি নদীৰ বান-খনীয়াই জুৰুলা কৰা বৃহত্তৰ অঞ্চলটোলৈ যাবলৈ নাই এটি পথৰ ব্যৱস্থা৷ পথাৰৰ মাজেৰে বোকা পানী খচি ৰাইজে প্ৰতিবছৰে বাৰিষা খৰালি যাতায়াত কৰিবলগা হয়৷ বিশুদ্ধ খোৱাপানী, প্ৰাথমিক শিক্ষা ব্যৱস্থা, উপস্বাস্থ্য কেন্দ্ৰ আদি একোৰে সুবিধা নথকা এই অঞ্চলটো লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। এই অঞ্চলত তিনি শতাধিক পৰিয়াল আছে যদিও এই লোকসকলৰ ঘৰলৈ যাবলৈ কোনো পথৰ ব্যৱস্থা নাই। মটৰচাইকেল বা দুচকীয়া বাহন, নাওৱেই অঞ্চলটোৰ ৰাইজৰ একমাত্ৰ ভৰসা। লখিমপুৰ জিলা সদৰৰ পৰা সোৱণশিৰি নদীয়ে পৃথক কৰা অঞ্চলটোত দুই এখন চৰকাৰী আঁচনি ৰূপায়ন কৰা হৈছে যদিও উক্ত আঁচনিৰ সুফল ৰাইজে লাভ কৰা নাই। বাৰিষা ছাত্ৰ-ছাত্ৰীসকলে সোৱণশিৰী নদীৰ বাবে পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে। মিচিং অধ্যুষিত অঞ্চলটোৰ পৰা ৰোগীক উলিয়াই নিবলৈও ৰাইজে সাঙিভাৰ অথবা কান্ধত লৈ সোৱণশিৰি নদী পাৰা পাৰ হৈ উত্তৰ লখিমপুৰ সদৰৰ চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগা হয়। বহু সময়ত চিকিৎসাৰ অভাৱত ৰোগী, প্ৰসূতিয়ে অকাল মৃত্যুক আঁকোৱালি লব লগা হয় । মিচিং স্বায়ত্ব পৰিষদেও অঞ্চলটোৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ লোৱা নাই। দুৰ্দশাগ্ৰস্ত অঞ্চলটোত আজি লখিমপুৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাস উপস্থিত হৈ অঞ্চলটোৰ পৰিবেশ পৰিস্থিতি পৰিদৰ্শন কৰি ৰাইজক সমস্যা সমাধানৰ আশ্বাস দিয়ে । আয়ুক্ত গৰাকীয়ে অঞ্চলটোৰ বিদ্যালয় পৰিদৰ্শন কৰি কৰ্তব্যত উপস্থিত নথকা শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ সতে আলোচনা কৰি পদক্ষেপ লোৱাৰো আশ্বাস দিয়ে । ৰাইজৰ অভিযোগ যে লখিমপুৰ জিলা প্ৰশাসনেই হওক বা জনপ্ৰতিনিধি সকলেই হওক কোনেও এই অঞ্চলটোলৈ গুৰুত্ব নিদিয়াৰ ফলতে গাঁওবাসীয়ে এনেদৰে দুৰ্বিষহ জীৱন কটাই আহিব লগা হৈছে৷ মিছিং অধ্যুষিত অঞ্চলটোত শেহতীয়াকৈ জলজীৱন মিছনৰ এটি খোৱাপানী যোগানৰ এখন আঁচনি গ্ৰহণ কৰা হৈছে যদিও বিভিন্ন বিসংগতিৰ বাবে খোৱা পানীৰ পৰা ৰাইজ বঞ্চিত।এনেদৰেই দিন মাহ বছৰ বছৰ ধৰি দুৰ্বিষহ ভাৱে অঞ্চলটোৰ ৰাইজে জীৱন অতিবাহিত কৰি আহিছে। আজি লখিমপুৰ জিলা আয়ুক্তক টি এম পি কে, আৰু গোৱালবাৰী গাঁও উন্নয়ন সমিতিয়ে একোখনি স্মাৰক পত্ৰৰ যোগেদি অঞ্চলটোৰ উন্নয়নৰ দাবী জনায় । টি এম পি কেৰ অভিযোগ যে অঞ্চলটোত গৰাখহনীয়াই কেইবাটাও পৰিয়ালে ঘৰ-ভেটি আৰু খেতি মাটি হেৰুৱাই সর্বহাৰা হৈ পৰিছে। শিৱ মন্দিৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ খেতি-মাটি এছেৰাকটা মহৰিচুক, মাজৰ চাপৰি, গোৱালবাৰী গাওঁবোৰত অনুৰূপ তাণ্ডব প্রতি বছৰেই চলাইছে সোঁৱনশিৰি খহনীয়াই। সেয়ে খহনীয়া প্ৰতিৰোধৰ বাবে শক্তিশালী আৰু বিজ্ঞানসন্মতভাৱে কাৰ্য্যব্যৱস্থা শীঘ্রেই গ্রহনৰ দাবী জনায় আৰু গাঁও সমূহৰ জনজীৱনলৈ প্রচণ্ড ভাবুকি কঢ়িয়াই অনা উক্ত খহনীয়া সমস্যাৰ সমাধানৰ বাবে প্ৰাৰ্থনা জনায় জিলা আয়ুক্তক । আনহাতে পূৱ তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত কিছুমান বিদ্যালয়সমূহত পাঠ দানৰ ক্ষেত্ৰত কেতিয়াবা অনিয়মিত হোৱাৰ অভিযোগ তুলি বিদ্যালয়সমূহ যাতে সকলো সময়ত নিয়মিত পাঠদান কৰে তাৰ বাবে নিদের্শনা জাৰি কৰিবলৈ দাবী জনায় । একেদৰে এজনীয়া শিক্ষক থকা বিদ্যালয়সমূহৰ সমস্যা সমাধান কৰি দিবৰ বাবে দাবী জনায় । ইপিনে ক্রীড়া ক্ষেত্ৰৰ উন্নয়ন, বর্ষামুখ কঢ়াচাপৰি গাঁৱত এখন উপ-স্বাস্থ্য কেন্দ্র স্থাপন কৰি দিবৰ বাবে দাবী জনায় মিচিং ছাত্ৰ সংগঠনে ।