লখিমপুৰ, ২৮ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ সান্দহখোৱাত বৃহস্পতিবাৰে নাওবৈচা মণ্ডল সমিতিয়ে অনুষ্ঠিত কৰে বীৰ বাল দিৱসৰ উপলক্ষে এখন সভা৷ খৰাপথাৰ সন্মিলিত যুৱক সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনৰ আত ধৰে বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱাই৷ কিন্তু লক্ষণীয় ভাবে এই সভাখনতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাইয়ো অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে৷ সভাখনত আকবৰ-বীৰবলৰ ফটো আঁৰি বিজেপিয়ে ‘বীৰ বাল দিৱস’ দিৱস পতা কাৰ্যই এতিয়া লখিমপুৰৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গুৰু গোবিন্দ সিং মাতৃ আৰু দুই পুত্ৰৰ সাহিসকতাক স্মৰণ কৰি অনুষ্ঠিত কৰা ‘বীৰ বাল দিৱস’ৰ বেনাৰত মোগল সম্ৰাট আকবৰ-বীৰবলৰ ফটো অঁৰা কাৰ্যক লখিমপুৰ জিলা বিজেপিক সকলোৱে তীব্ৰ সমালোচনা কৰিছে৷ ‘বীৰ বাল দিৱস’ৰ তাৎপৰ্য নজনা সাংসদ প্ৰদান বৰুৱা আৰু জিলা সভাপতি ফণীধৰ বৰুৱাৰ কাৰ্যক লৈ তীব্ৰ চৰ্চিত হৈছে৷ মোগলৰ নাম শুনিলেই মুখ কোচ খোৱা বিজেপিৰ নাওবৈচা মণ্ডলৰ সভাই হাস্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ১৭০৫ চনত মোগলে দিয়া ধৰ্মান্তৰকৰণৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি দেশ আৰু পৰম্পৰা ৰক্ষাৰ বাবে মৃত্যুক আকোৱালি লৈছিল জ্ঝ বছৰীয়া জ’ৰাবৰ সিং আৰু জ্জ বছৰীয়া বাবা ফাটেহ সিঙে৷ উক্ত দুয়ো শিশুৰ প্ৰতি৷ দ্ধা নিবেদন কৰি ২০২২ চনত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চ্ছ ডিচেম্বৰৰ দিনটো ‘বীৰ বাল দিৱস’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু এই দুয়ো বিজেপি নেতাৰ উপস্থিতিত নাওবৈচা মণ্ডলত এনেদৰে ‘বীৰ বাল দিৱস’ অনুষ্ঠিত কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এই কথাই সকলোকে ভবাই তুলিছে যে বিজেপিয়ে আচলতে বীৰ বাল দিৱস নে বীৰ বল দিৱস পাতিলে?