লখিমপুৰ, ১৯ জানুৱাৰী ; লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত বচাগাঁৱত অঞ্চলটোৰ মৎস্য ব্যৱসায়ী সকলক উপকৃত কৰাৰ লক্ষ্যৰে ২০২২-২৩ বৰ্ষত MP LAD (R/S) আঁচনিৰ অধীনত ৰাজ্য সভাৰ সাংসদ পুঁজিৰে ৪৫ লাখ টকা ব্যয় সাপেক্ষে এখন অত্যাধুনিক ফিছ মাৰ্কেট নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল যদিও আজি এবছৰৰো অধিককাল ধৰি এই মাৰ্কেটখন মৎস্য ব্যৱসায়ী সকলৰ প্ৰয়োজন পুৰাবৰ বাবে নিৰ্মান সম্পূৰ্ণ হৈ নুঠিল । গড়কাপ্তানি বিভাগৰ টেৰিটৰিয়েল ডিভিজনৰ অধীনত নিৰ্মান হবলগীয়া অত্যাধুনিক ফিছ মাৰ্কেটখনৰ কেৱল এটি গৃহ নিৰ্মানেৰে দায়িত্ব সামৰা ঠিকাদাৰ পুলিন দাস তথা সংশ্লিষ্ট বিভাগৰ কনিষ্ঠ অভিযন্তাই প্ৰয়োজনীয় ধনৰ অভাৱৰ বাবেই ফিছ মাৰ্কেটখন সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ তোলে । এই সন্দৰ্ভত স্থানীয় ৰাইজৰ অভিযোগ ৪৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান সম্পূৰ্ণ হৈ উঠিব লগা মাৰ্কেটখন মাৰ্কেটখন যেন ঠিকাদাৰৰ স্বাৰ্থতহে নিৰ্মান হৈছে । জানিব পৰা মতে ৪৫ লাখ টকা ব্যয় সাপেক্ষ আঁচনিখনৰ বিপৰীতে ইতিমধ্যে ৩০ লাখ টকা মুকলি হৈ গল যদিও টকাৰ অনুপাতে গৃহটো অত্যাধুনিক ৰূপত নিৰ্মান নহল বুলি ৰাইজৰ অভিযোগত প্ৰকাশ । মাৰ্কেটখনত পানীৰ সু ব্যৱস্থা , লেটিন বাথৰুম , ষ্ট্ৰেৰেজ গৃহ আদিৰ ব্যৱস্থা নোহোৱাত বজাৰখন মৎস্য ব্যৱসায়ীৰ বাবে উপযোগী নহল । ইফালে বজাৰগৃহটোৰ সন্মুখত থকা এটা পুখুৰীয়েও সমস্যা বঢ়াইছে । উক্ত পৰিত্যক্ত পুখুৰীটো সন্মুখত ৰাখি সংশ্লিষ্ট বিভাগীয় কনিষ্ঠ অভিযন্তাই কি পৰিকল্পনাৰে আঁচনিখন ৰূপায়ণৰ পৰিকল্পনা কৰি লাখ লাখ টকা ব্যয় কৰি অব্যবহিত অৱস্থাত ৰাখিছে সেয়া লক্ষণীয় । ৰাইজৰ অভিযোগ মতে গৃহটোৰ নিৰ্মাণৰ নামত বহু বিসংগতি আছে । এই সন্দৰ্ভত জিলা উন্নয়ন বিভাগে জানিবলৈ দিয়া মতে বজাৰ গৃহটোৰ নামত আৱন্তন লাভ কৰা ৪৫ লাখ টকাৰ পৰা ১৫ লাখ টকা চৰকাৰী ভাবে ঘূৰাই নিয়াৰ ফলত গৃহনিৰ্মাণত বিসংগতি হৈছে । কিন্তু এই প্ৰসংগত স্থানীয় ৰাইজে গৃহটোৰ নামত বৰ্তমানলৈকে ঠিকাদাৰে লাভ কৰা ৩০ লাখ টকাও যথোপযুক্ত ভাবে ব্যৱহাৰ হোৱা নাই । ঠিকাদাৰে ১৫ লাখ টকা পাবলৈ বাবেই থকা বুলি দাবী কৰাৰ বিপৰীতে আঁচনিখন যে উপযুক্ত ৰূপত গঢ় লৈ উঠিব সেই সন্দৰ্ভত মত ব্যক্ত কৰিব নোৱাৰিলে । এনে পৰিস্থিতিত লাখ লাখ টকা ব্যয় কৰি নিৰ্মান কৰা গৃহটো মৎস্য ব্যৱসায়ীয়ে ব্যৱহাৰ নকৰাকৈ জহি খহি যাবলৈ আৰম্ভ কৰিছে । আনহাতে আচঁনিখনত বিদ্যুৎ যোগানৰ নামত ৯৪ হেজাৰ টকা ধাৰ্য কৰা আছে যদিও বিদ্যুৎৰ ব্যৱস্থা আজিকোপতি নহল । এই ক্ষেত্ৰত ৰাইজে জিলা আয়ুক্তৰ লগতে মুখ্যমন্ত্ৰীৰ দৃষ্টি কামনা কৰিছে । উল্লেখ যে পানীগাঁৱত ইয়াৰ পূৰ্বেও পানীগাঁও আদৰ্শ চিকিৎসালয়ৰ সন্মুখত লাখ টকা ব্যয়ৰে নিৰ্মান কৰা এখন বজাৰগৃহ আজিও পৰিত্যক্ত অৱস্থাত আছে । যত এনেদৰেই অপচয় হৈছে চৰকাৰী ধনৰ ।