• গুৱাহাটী,৯ মে’ : : দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বিহুৰ অনুষ্ঠান সমূহ বাতিল কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ভাৰত-পাকিস্তানৰ মাজত চলা ভয়াৱহ যুদ্ধৰ বাবেই মুখ্যমন্ত্রীয়ে এই আহ্বান জনাইছে। দেশৰ এই স্পৰ্শকাতৰ সময়ত বিহুৰ অনুষ্ঠান সমূহ বাতিল কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে আহ্বান জনাইছে। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে কয়, “বিগত এমাহত আমি অসংখ্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমতে আনন্দ-উৎসাহেৰে আমাৰ প্ৰাণৰো প্ৰাণৰ বিহুটি উদযাপন কৰিছোঁ। এই অনুষ্ঠানসমূহত আপোনালোক সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু অৱদানৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া এই উদযাপন সামৰাৰ সময় আহি পৰিছে। আমি বিনম্ৰতাৰে আহ্বান জনাব বিচাৰিছোঁ যে অহা ১০ মে’ৰ পৰা পূৰ্ব নিৰ্ধাৰিত বাকী থকা সকলো অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰা হওক। আহক, আমি এই সুন্দৰ তথা বৰ্ণাঢ্য উদযাপনৰ ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰোঁ৷”

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা যি পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ সূচনা হৈছে তাৰ মাজতো বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈ থকাক লৈ সামাজিক মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছিল। বহুতেই দাবী কৰিছিল এনে বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ। তাৰে মাজতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধৰ পৰিস্থিতিৰ কথা উল্লেখ নকৰিলেও পৰোক্ষভাৱে বৰ্তমানৰ এই পৰিস্থিতিৰ বাবেই বিহুৰ অনুষ্ঠান বাতিলৰ আহ্বান জনাইছে। মুখ্যমন্ত্রীয়ে ১০ মে’ৰ পিছৰ সকলো বিহুৰ অনুষ্ঠান বাতিল কৰাৰ আহ্বান জনাইছে।