গুৱাহাটী : আজি পুৱাৰে পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত ৰাজ্যৰ সর্বত্রে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটৰ প্ৰাৰ্থীসকলে বিপুল ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। বৰ্তমানৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখিলে অধিকাংশ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটে দখল কৰাটো সুনিশ্চিত হৈছে। অসমৰ গঞা ৰাইজে বিজেপি মিত্ৰজোঁটলৈ আগবঢ়োৱা এনে বিশাল সমর্থন সচাকৈয়ে এক অভূতপূর্ব ঘটনা বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনত আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বত ৰাজ্যখনত হোৱা চতুর্দিশ উন্নয়ণৰ ধাৰাক অব্যাহত ৰখাৰ বাবে অসমৰ গঞা ৰাইজে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মৰ্চাক হিয়া উজাৰি ভোট দান কৰা বুলি শইকীয়াই কয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা তথা মিত্ৰদলৰ সন্মানীয় নেতৃবৃন্দৰ লগতে সকলো নিষ্ঠাবান কাৰ্য্যকৰ্তাৰ সক্ৰিয় সহযোগিতাৰ পৰিণতিত ৰাজ্যৰ জনসাধাৰণে পঞ্চায়ত নিৰ্বাচনত অভূতপূর্ব ভোট দানেৰে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোঁটক আৰু অধিক শক্তিশালী কৰি তুলিছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মত পোষণ কৰে। গণতন্ত্রক সৱল কৰি গ্ৰাম্য সমাজ জীৱনৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰিবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক হিলদল ভাঙি ভোট দিয়াৰ বাবে ৰাজ্যিক সভাপতিয়ে সকলো গঞা ভোটাৰ ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্রকাশ কৰে। লগতে পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰি এখন সুৰক্ষিত আৰু সমৃদ্ধিশালী অসম নিৰ্মাণৰ বাবে আমি ঘোষণা করা সংকল্প পত্ৰত উল্লেখ থকা প্ৰতিটো প্ৰতিশ্ৰুতি প্রাথমিকতাৰ আধাৰত পৰ্য্যায়ক্রমে আখৰে আখৰে ৰূপায়ণ কৰা হ’ব বুলিও শইকীয়াই বিবৃতিটোত উল্লেখ কৰে। উল্লেখযোগ্য যে ২০১৮ চনত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে ২১২ খন জিলা পৰিষদত আৰু অসম গণ পৰিষদে ১৯ খন জিলা পৰিষদত বিজয় লাভ কৰিছিল। ঠিক একে দৰে
১০২৫ খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে আৰু ১১৮ খন আসনত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে বিৰোধী প্ৰাৰ্থীক পৰাজিত কৰি জয় সাব্যস্ত কৰিছিল বুলি ৰাজ্যিক সভাপতিয়ে বিবৃতিটোত
উল্লেখ কৰিছে।










