গুৱাহাটী,২৮ মে’ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে দিছপুৰৰ লোক সেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত কেইবাগৰাকী কেবিনেট মন্ত্রীয়ে মুখ্যমন্ত্রীক সংগ দিয়ে। আজিৰ কেবিনেটে সৰুসজাই স্প’ৰ্টচ কমপ্লেক্সটো ‘অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টচ কমপ্লেক্স’ হিচাপে নামাকৰণ কৰে। এতিয়াৰে পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্প অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টচ কমপ্লেক্স হিচাপে জনাজাত হ’ব। সেইদৰে এছ আই আৰ ডি অৰ্থাৎ ষ্টেট ইনষ্টিটিউট অব ৰুৰেল ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটোক আজিৰ কেবিনেটে গোলাপ বৰবৰাৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰে পৰা ষ্টেট ইনষ্টিটিউট অব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটো ‘গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট’ নামেৰে জনাজাত হ’ব। দৰং জিলাৰ মঙলদৈৰ জিলা ষ্টেডিয়াম প্ৰথমজন দৰঙী ৰজাৰ নামত নামাকৰণ কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়। ‘ৰজা ধৰ্ম নাৰায়ণ ষ্টেডিয়াম’ হিচাপে মঙলদৈৰ জিলা ষ্টেডিয়ামৰ নামাকৰণ কৰা হয়। কাৰ্বি আংলং জিলাৰ থাৰাকুচি গাঁৱত ৯০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ বাবে এটা প্ৰকল্পৰ বাবে আজিৰ কেবিনেট অনুমোদন জনায়।