গুৱাহাটী,২ আগষ্ট : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চৰকাৰে পুনৰ প্ৰবঞ্চনা কৰিলে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ। শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে যি মায়াজাল সৃষ্টি কৰিছে সেয়া যথেষ্ট পৰিতাপৰ কথা বুলি উল্লেখ কৰি সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে কয়, “ৰাজ্যখনত মৰাণ, মটক, আহোম, চুতীয়া, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰিম বুলি বাৰে বাৰে ঠগন দি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ থলুৱা জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি কোনো দায়বদ্ধতা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দল প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ অভিকেন্দ্ৰ। তেওঁলোকে জাতীয় সমস্যাসমূহ সমাধান নকৰি অসমত এক ভূমিকম্প হৈ থকাটো বিচাৰে।” সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে কয়, “লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে সদনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ শেহতীয়া স্থিতি কি জানিব বিচাৰোঁতে গোমৰ ফাঁক ওলাই পৰিল। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উকিয়ে কংগ্ৰেছৰ সাংসদ দুজনৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে গঠন কৰা দুখনকৈ মন্ত্ৰীগোটৰ প্ৰতিবেদনেই কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নাই বুলি উল্লেখ কৰে। ২০২৪ চনৰ ৪ জুলাই আৰু ২০২৫ চনৰ মাৰ্চ মাহত গঠন কৰা মন্ত্ৰীগোটে ইচ্ছাকৃতভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত দাখিল কৰিবলগীয়া পৰামৰ্শাৱলীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে।”
তেওঁ লগতে কয়, “বিজেপি চৰকাৰৰ এইক্ষেত্ৰত কোনো আন্তৰিকতা নাই। কংগ্ৰেছ চৰকাৰে ১৯৯৬ চনতে মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ তত্ত্বাৱধানত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰক্ৰিয়াটো আগুৱাই নিছিল যদিও পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে এইক্ষেত্ৰত কোনো আন্তৰিক প্ৰচেষ্টা নেদেখুৱালে। এয়া গৰিহণাৰ যোগ্য।
ইফালে সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, “বিজেপি চৰকাৰখন বাহিৰত ৰং-চং ভিতৰি কোৱাভাতুৰীৰ দৰে। মিছা প্ৰতিশ্ৰুতি আৰু আভুৱাভৰা শ্ল’গানেৰে এই চৰকাৰখনে সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰি আহিছে। অসম চুক্তিৰ আধাৰত অসমত থলুৱা খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰখনে ন্যায়াধীশ বিপ্লৱ শৰ্মাক লৈ এখন প্ৰতিবেদন কমিটী গঠন কৰিছিল আৰু চাৰি বছৰ পূৰ্বে বিপ্লৱ শৰ্মাই এই প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ দুবছৰৰ ভিতৰত কাৰ্যকৰী কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল, য’ত নেকি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন হৈছিল। কিন্তু এই চৰকাৰখনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন কাৰ্যকৰী কৰাৰ সাহস কৰিব নোৱাৰিলে।” সংবাদমেল যোগে তেওঁ সৎ সাহস থাকিলে হিমন্ত বিশ্ব শৰ্মাক বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবৰ বাবে প্ৰত্যাহ্বান জনায়।










