গুৱাহাটী,৫ মাৰ্চ : ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ দুখনৰ বাবে বৃহস্পতিবাৰে বিজেপিৰ হৈ বিধায়ক তেৰছ গোৱালা আৰু মন্ত্ৰী যোগেন মহনে দাখিল কৰিলে মনোনয়ন। আনহাতে তৃতীয়খন আসনৰ বাবে বিজেপিৰ মিত্রদল ইউ পি পি এলৰ হৈ মনোনয়ন দাখিল কৰে প্ৰমোদ বড়োৱে। দিছপুৰত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ উপস্থিতিত নিৰ্বাচনী বিষয়াৰ ওচৰত তিনিও গৰাকীয়ে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে। ৰাজ্যসভাৰ তিনিও গৰাকী প্ৰাৰ্থীক মনোনয়ন প্ৰদানৰ সময়ত সংগ দিয়ে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, পৱিত্র মাৰ্ঘেৰিটা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্রী অতুল বৰা, দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা নিৰ্বাচন প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাকে ধৰি ভালেসংখ্যক দলীয় নেতাই। অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন। সেই অনুসৰি অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে আজি মনোনয়ন দাখিল কৰা হয়। দুয়োখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত আছিল যদিও তৃতীয়খন আসনৰ বাবে বিৰোধীৰ শক্তিৰ জোৰ আছিল। কিন্তু তৃতীয়খন আসনত বিৰোধী পক্ষৰ পৰা কোনেও মনোনয়ন দাখিল কৰা পৰিলক্ষিত নহ’ল। যাৰ বাবে তৃতীয়খন আসনতো বিজেপিৰ মিত্রদল ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত হৈ পৰিল। লক্ষণীয় বিষয় যে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলেও ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ সংগ্ৰহ কৰিছিল। আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপি দলৰ ছগৰাকীকৈ নেতা ক্ৰমে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্রী যোগেন মহন, বিধায়ক তেৰছ গোৱালা, দিপ্পুৰঞ্জন শৰ্মা, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ আৰু জ্যেষ্ঠ নেতা পুলক গোহাঁয়ে মনোনয়নপত্ৰ সংগ্ৰহ কৰিছিল। কিন্তু দলীয় নেতৃত্বই বিধায়ক তেৰছ গোৱালা আৰু মন্ত্ৰী যোগেন মহনক ৰাজ্যসভাৰ প্রার্থিত্ব প্ৰদান কৰে। লগতে তৃতীয়খন আসনৰ বাবে ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৱে মনোনয়ন দাখিল কৰে।









