গুৱাহাটী,১১ মাৰ্চঃ বৰ্তমান অসমত মেট্ৰিককে ধৰি বিভিন্ন ব’ৰ্ডৰ চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে। ভালকৈ পঢ়া-শুনা নকৰি ধিতিঙালি কৰি ফুৰা শিক্ষাৰ্থীসকলে পৰীক্ষাৰ দুই-তিনিদিন আগতেহে পঢ়িবলৈ বহে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখনৰো সেই সময়মতে পঢ়া-শুনা নকৰি ধিতিঙালি কৰি ফুৰা শিক্ষাৰ্থীৰ দৰে অৱস্থা হৈছে। এতিয়া নিৰ্বাচন আহিছে বাবে হিমন্ত চৰকাৰে মহিলাসকলৰ মাজত ৯ হাজাৰকৈ টকা বিলাইছে। খৰধৰকৈ উৰণীয়া সেতু নিৰ্মাণ কৰি উন্মোচন কৰি ফুৰিছে। চাহ বাগিচাৰ শ্ৰমিকসকলক পৰ্যাপ্ত মজুৰি দিয়াৰ কথা মনলৈ আহিছে। ইমানদিনে হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কথা পাহৰি হিন্দু-মুছলমান কৰি ধিতিঙালি কোবাই আছিল। সময়মতে পঢ়া-শুনা নকৰি পৰীক্ষাৰ আগত ধুমধামকৈ পঢ়িলেও যিদৰে ধিতিঙালি কোবাই ফুৰা শিক্ষাৰ্থীয়ে ভালকৈ পাছ কৰিব নোৱাৰে ঠিক সেইদৰে নিৰ্বাচনৰ আগত মহিলাসকলৰ মাজত যিমানেই টকা বিলাই নুফুৰক কিয়, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম বিজেপিয়ে কোনো কাৰণতে পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে। মহিলাসকলে ইতিমধ্যে সিদ্ধান্ত লৈছে যে দুৰ্নীতিপৰায়ণ আৰু অত্যাচাৰী এইখন চৰকাৰক এইবাৰ আৰু সহ্য কৰা নহ’ব। গুৱাহাটীৰ হোটেল লিলিত আজি বিয়লিৰ ভাগত আয়োজিত এক সংবাদমেলত এইদৰে কয় সাংগঠনিক কামত অসম ভ্ৰমণলৈ অহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই। বিজেপি দল আৰু চৰকাৰে কেৱল নিজৰ স্বাৰ্থত কাম কৰে আৰু মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ মন্ত্ৰীসকলেও কেৱল নিজৰ পৰিয়ালৰ স্বাৰ্থ আগত ৰাখিহে কাম কৰে বুলিও সংবাদমেলত খেৰাই অভিযোগ কৰে। বিজেপি দল আৰু চৰকাৰে এআইৰ দ্বাৰা অত্যাধুনিক বাট-পথৰ ফটো প্ৰস্তুত কৰি সেয়া ছ’চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ বাট-পথ বুলি দাবী কৰা কাৰ্যকো তীব্ৰ সমালোচনা কৰে সৰ্বভাৰতীয় কংগ্ৰেছ নেতাগৰাকীয়ে। এনে কাৰ্যত আগভাগ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এআই ছামিটত চীনা ৰ’বট ডগক নিজে নিৰ্মাণ কৰা বুলি দাবী কৰি সমগ্ৰ বিশ্বতে ভাৰতক লজ্জানত কৰি তোলা গলগোটিয়া বিশ্ববিদ্যালয়ৰ লগতো তুলনা কৰে। তেওঁ কয়, ” হিমন্ত বিশ্ব শৰ্মা হৈছে গলগোটিয়া মুখ্যমন্ত্ৰী। এআইৰ দ্বাৰা অসমৰ বাট-পথ উন্নত হোৱা বুলি তেওঁ দাবী কৰিছে। কিন্তু শোচনীয় বাট-পথৰ ক্ষেত্ৰত অসম আজিও দেশৰ ভিতৰতে তৃতীয় স্থানত আছে।’’ প্ৰতিটো ক্ষেত্ৰতে মিছাৰ আশ্ৰয় লৈ ফুৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কোনোপধ্যে ন্যায় দিব নোৱাৰে বুলিও মন্তব্য কৰে পৱন খেৰাই। তেওঁ কয়, ”এইখন চৰকাৰে আজিলকৈ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে। পানী নসৰকা চাৰ্জশ্বিট প্ৰস্তুত কৰিছো বুলি দম্ভালি মাৰি চাৰ্জশ্বিটখন এনেকৈ প্ৰস্তুত কৰিলে যে অভিযুক্তৰ ফ্ৰিজড হোৱা বেংক একাউণ্ট খুলিবলৈ আদালতে নিৰ্দেশ দিবলগীয়া পৰিছে।’’ অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰি অগাধ সা-সম্পত্তিৰ গৰাকী হৈ পৰা হিমন্ত বিশ্ব শৰ্মাক এতিয়া কোনেও বচাব নোৱাৰে বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে। আনকি দিল্লীত বহি থকা হিমন্ত বিশ্ব শৰ্মাৰ মালিক অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও বচাব নোৱাৰে বুলিও স্পষ্ট কৰি দিয়ে খেৰাই। সৰ্বভাৰতীয় কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰদলে চৰকাৰ গঠন কৰিব। এই নতুন চৰকাৰখনে নতুন অসম মডেল গঢ়িব বুলিও কয় খেৰাই। তেওঁ কয়, ”গুজৰাট মডেল চাৰিজন গুজৰাটীৰ বাবে আছিল। এই চাৰিজন গুজৰাটী হৈছে আদানি, আম্বানি, মোদী আৰু শ্বাহ। কিন্তু গৌৰৱ গগৈৰ অসম মডেল অসমৰ প্ৰতিজন অসমীয়াৰ বাবে।’’ তেওঁ অসমৰ ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰি কয়, ”আজি অসমৰ সম্পদ কোনে লৈ গৈ আছে? কমিছন কোনে পাইছে? ঠিকা কোনে পাইছে? তেওঁ জানে যে এইবাৰ তেওঁৰ নিস্তাৰ নাই। সেয়ে ৰাতি ৰাতি সপোনত ৰাহুল গান্ধী, গৌৰৱ গগৈক দেখে।’’ ৰাতিৰ আন্ধাৰত সঘনে কিয় ওড়িশালৈ যায় বুলিও মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে খেৰাই। তেওঁ কয়, ”নিজকে অসমৰ ৰজা বুলি ভবা এই নেতাজনৰ বিনিয়োগ অসমৰ নগৰ-চহৰৰ লগতে অসমৰ বাহিৰতো আছে, দেশৰ বাহিৰতো আছে। লাহে লাহে এইবোৰ সকলো কথা পোহৰলৈ আহিব।’’ তেওঁ আৰু কয়, ”আজি গুৱাহাটী বিমানবন্দৰৰ পৰা আহি থাকোতে মোদী-হিমন্তৰ ফটো লাগি থকা এহেজাৰৰো অধিক বেনাৰ ৰাস্তাৰ দুয়োকাষে দেখিছো। জনতাৰ ধনেৰে বিজেপি চৰকাৰে নিজৰ দলৰ নামত এইবোৰ প্ৰচাৰ কৰিছে। এনেকৈ বছৰি ৫০০ কোটিকৈ জনতাৰ টকা বিজেপি চৰকাৰে পানীত পেলাইছে।’’ খেৰাই আৰু কয় যে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নেতাসকলক বিশ্বাসঘাতকতা আৰু অপমান কৰাত সিদ্ধহস্ত। তেওঁ কয় যে অসমৰ ৰাইজে এইজন মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নিজ দলৰে নেতা সৰ্বানন্দ সোণোৱালৰ সৈতে কি কৰিছে সেয়া ভালকৈয়ে দেখিছে। নিজৰ ৰাজনৈতিক গুৰুস্বৰূপ তৰুণ গগৈৰ লগত কি কৰিছে সেয়াও দেখিছে। গৌৰৱ গগৈৰ ক্ষেত্ৰত ৰাজনীতি কৰিব লাগে বাবেই কি কৰিছে সেয়াও অসমৰ ৰাইজে ভালকৈয়ে দেখিছে বুলিও কয় সৰ্বভাৰতীয় কংগ্ৰেছ নেতাগৰাকীয়ে। বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰা সন্দৰ্ভতো খেৰাই হিমন্ত চৰকাৰক কঠোৰ সমালোচনা কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়াকো অপমান কৰিবলৈ নেৰিলে বুলিও কয় খেৰাই। তেওঁ কয়, ”কেবিনেটি পাতি হিমন্ত বিশ্বই কৈছে যে নতুন এখনত সেই নামটো দিয়া হ’ব। তাতকৈ পুৰণিখনৰ নামটো সলনি নকৰি নতুনখনৰ নামটো বৰপেটা কৰিলে কি ক্ষতি আছিল?’’ আনহাতে, আজিৰ সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষগৰাকীয়ে ঢাকাত দেৱান মহম্মদ ছাইদুৰ ৰহমান ছিস্তি ছাইদাবাদী নামৰ মৌলানাগৰাকীক সাক্ষাৎ কৰা প্ৰসংগক লৈ পুনৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায়। পূৰ্বে উক্ত বিষয়টোক লৈ প্ৰশ্ন কৰাত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতেই মৌলানাগৰাকীক সাক্ষাৎ কৰা বুলি হিমন্ত বিশ্বই কৰা মন্তব্যক ওভতি ধৰে খেৰাই। তেওঁ কয়, ”হিমন্ত বিশ্ব শৰ্মাই ২০১৫ চনত বিজেপি ত্যাগ কৰাৰ পূৰ্বে মৌলানাগৰাকীক ঢাকাত লগ কৰিছিল। ঢাকাত মৌলানাগৰাকীক লগ কৰি সেই মৌলানাগৰাকীৰ পৰামৰ্শমতেই হিমন্ত বিশ্বই বিজেপিত যোগ দিছিল।’’ ৰাজনৈতিক কেৰিয়াৰত দোধোৰ-মোধোৰত পৰাৰ সময়ত বাংলাদেশৰ মৌলবী এগৰাকীৰ পৰামৰ্শমতে বিজেপিত যোগ দিয়া হিমন্ত বিশ্ব শৰ্মাৰ সকলো তথ্য মজুত আছে বুলিও কয় খেৰাই। সেইগৰাকী হিমন্ত বিশ্বই নিৰ্বাচনৰ সময়ত ভোটৰ লালসাত হিন্দু-মুছলমান কৰা কাৰ্য মুঠেই শোভা নাপাই বুলিও কয় পৱন খেৰাই। ইফালে, মিত্ৰতা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে অসমত কংগ্ৰেছ দলৰ ভেটি মজবুত হৈ আছে আৰু অসমক লৈ কংগ্ৰেছ দলৰ আত্মবিশ্বাসৰ তিলমানো হেৰ-ফেৰ হোৱা নাই। কিন্তু যেতিয়া অনিয়মেৰে কোটি কোটি টকাৰ অধিকাৰী হৈ প্ৰশাসনক হাতৰ মুঠিত কৰি লোৱা দল এটাৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হয় তেতিয়া মিত্ৰতা কৰাতো প্ৰয়োজনীয় হৈ পৰে বুলিও কয় খেৰাই। তৃণমূল পৰ্যায়ৰ পৰা লাভ কৰা খবৰ আৰু বিভিন্ন প্ৰতিবেদনৰ ভিত্তিত মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয় বুলিও খেৰাই স্পষ্ট কৰি দিয়ে। ৰাইজৰ দল সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ছ’চিয়েল মিডিয়াত দিয়া পোষ্টটো সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত খেৰাই কয় যে গৌৰৱ গগৈৰ পোষ্টটোত কমা, ছেমিকলন আৰু প্ৰশ্নবোধক চিহ্নৰ দৰে বিৰাম চিহ্নহে আছে। কিন্তু ফুলষ্টপ দিয়া হোৱা নাই। অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু আদি ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনত পুনৰ মোদী মেজিক দেখা যাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত খেৰাই কয় যে মোদী মেজিক ১০ বছৰ পূৰ্বেই শেষ হ’ল। তেওঁ কয়, ”মোদী মেজিক এতিয়া দেশৰ জনতা বাদেই, মোদীৰ নিজৰ মনৰ ভিতৰতে নাই। তেওঁ হৈছে এজন কম্প্ৰমাইজড প্ৰধানমন্ত্ৰী। এপষ্টিন ফাইলক লৈ তেওঁ কঁপি আছে। মোদীয়ে দেশৰ সাৰ্বভৌমত্বৰ সৈতেও আপোচ কৰিছে। ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈ তেওঁ আমেৰিকাৰ পৰা অনুমতি ল’বলগীয়া হৈছে। একেদৰে যিসময়ত ভাৰতত খাৰুৱা তেলক লৈ নাটনি হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে সেই সময়ত অসমৰ শোধানাগৰৰ পৰা ভাৰত চৰকাৰে বাংলাদেশলৈ ডিজেল প্ৰেৰণ কৰা কাৰ্যতো তেওঁ আশ্চৰ্য প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে অসম আৰু পশ্চিমবংগত বাংলাদেশীৰ কথা কৈ ভোট বিচাৰে আৰু আনফালে বাংলাদেশলৈ দৰদ উথলি থাকে। আনহাতে, অসমৰ জনতাই এইবাৰ কংগ্ৰেছক কিয় ভোট দিব বুলি প্ৰশ্ন কৰাত তেওঁ চকু চাট মাৰি ধৰা ঠগ-প্ৰবঞ্চক দোকানীৰ এখন দোকান আৰু চমক নথকা সৎ দোকানীৰ দোকানৰ উদাহৰণ দিয়ে। তেওঁ কয়, ”পুৰণি দোকানত বস্তু কিনি কিনি আমনি লগাত কাষতে যেতিয়া কোনোৱে জাকজমককৈ এখন নতুন দোকান খোলে তেতিয়া সেই দোকানৰ চমক দেখি গ্ৰাহকবোৰে পুৰণি দোকান এৰি নতুনখনলৈ বস্তু কিনিবলৈ যায়। দুবাৰ সেই নতুন চালে চকুৰোৱা দোকানত বস্তু কিনি যেতিয়া ঠগ খায় তেতিয়া সেইখন দোকানলৈ গ্ৰাহকসকলে যাবলৈ এৰে। তাৰপিছত পুনৰ গ্ৰাহকসকলে ভাল বস্তু পোৱা পুৰণি দোকানখনৰ পৰাই বস্তু কিনিবল লয়। পুৰণি দোকানখনত এচিও নাই। চকু ছাট মাৰি ধৰা লাইটো নাই। কিন্তু তাত ভাল বস্তু পোৱা যায়। তাত থকা কৰ্মচাৰীসকল ভাল। কংগ্ৰেছ হৈছে সেই পুৰণি ভাল দোকানখন।’’ এইবাৰৰ নিৰ্বাচনত বিজেপিৰ মিছা প্ৰচাৰত ভোল গৈ দুবাৰ ঠগ খোৱা অসমৰ জনতাই পুনৰ হাতত হাত ধৰি নতুন বৰ অসম গঢ়াৰ কথা কোৱা গৌৰৱ গগৈৰ নেতৃত্বক আদৰি ল’ব বুলিও সংবাদমেলত দৃঢ়তাৰে কয় পৱন খেৰাই। আজিৰ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক প্ৰণয় ৰাভা, নৱ তালুকদাৰ আৰু ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ উপস্থিত থাকে। সংবাদমেলখনৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।