সৰুপথাৰ,২৮ নবেম্বৰঃ প্ৰধানমন্ত্ৰী স্তৰত আলোচনা কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত থকা সীমা বিবাদ নিষ্পত্তিৰ চেষ্টা চলাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্বে কোনেও এনে পদক্ষেপ লোৱা নাছিল । এই মন্তব্য কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। সৰুপথাৰ সমষ্টিৰ পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কাৰ্য্যকৰ্তাৰে মত বিনিময় কৰিবলৈ আহি এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে অসম-মেঘালয় সীমান্তত কেইদিনমান পূৰ্বে সংঘটিত হোৱা ঘটনাই দুয়োখন ৰাজ্যৰ মাজত থকা সুসম্পৰ্কত বাধাৰ সৃষ্টি কৰিছে । এই সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে এনেদৰে কয়। বিধায়ক পুঁজিৰে স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনকো প্ৰশংসা কৰে মন্ত্ৰী গৰাকীয়ে । কলিয়াবৰ লোকসভা সমষ্টিত প্ৰাথমিক স্তৰৰ পৰা বিজেপি দলৰ স্থিতি মজবুত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ কথা সদৰী কৰে মন্ত্ৰী গৰাকীয়ে । আগন্তুক লোকসভা নির্বাচনত কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিয়ে কেনেদৰে অৱতীৰ্ণ হব বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত এনেদৰে মন্তব্য কৰে । আজি সৰুপথাৰস্থ গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ সভাগৃহত পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কাৰ্য্যকৰ্তাৰে মত বিনিময় কৰে কন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰী গৰাকীয়ে ।










