নগাঁও জিলাৰ কঠিয়াতলী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত কচুৱাৰ আলিটাঙনী গাঁৱত আজি তিনিদিন ধৰি বিদ্যুত কৰ্তন কৰি দিয়াৰ ফলত ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে গাওঁখনৰ এহিয়া আলম নামৰ লোক জনে নিজ বাসগৃহত গছ কাটি পেলোৱাত বিদ্যুৎ তাৰ ছিঙি গৈছিল।বিদ্যুৎ বিভাগে পুনৰ বিদু্ৎ তাৰ সংযোগ কৰে যদিও ট্রান্চফৰ্মাৰ পৰা বিভাগে বিদুৎ কৰ্তন কৰি দিয়াৰ অভিযোগ আনে ৰাইজে।প্ৰতি মাহে বিদুৎ বিল আদায় দি থকা ৰাইজক বিদুৎ কৰ্তন কৰি দিয়াত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ ওপৰিও স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে গাওবাসীয়ে। ইপিনে আক্কাছ আলী নামৰ লোক জনে গছ কাটা ব্যক্তিৰ পৰা ধন দাবী কৰি চাৰি হাজাৰ টকা লোৱা বুলি অভিযোগ আনে এহিয়া আলম নামৰ গছ কাটা ব্যক্তি জনে।যাৰ বাবে বিভাগে সমগ্ৰ ঘটনা তদন্ত কৰি পুনৰ বিদুৎ প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় বিদ্যুৎ গ্ৰাহক সকল।
Home অসম আৰু উত্তৰপূব বিদুৎ কৰ্তনক কেন্দ্ৰ কৰি কচুৱাৰ আলিটাঙনীত তীব্ৰ প্ৰতিবাদ।আক্কাছ আলী নামৰ লোকজনৰ ওপৰত...










