লখিমপুৰ, ৫ জানুৱাৰী ; এগৰাকী নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত ন্যায়াধীশ ৰশ্মিতা দাসৰ বিশেষ আদালতে পকচ’আইনৰ অধীনত আজি এজন প্ৰধান শিক্ষকক ৫ বছৰ ৬ মাহ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে তিনি হাজাৰ টকা জৰিমনা বিহে। জৰিমনা অবিহনে অতিৰিক্ত তিনি মাহৰ কাৰাবাস খটিব লাগিব। অন্যহাতে একেখন আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২ ধাৰাৰ অধীনত অতিৰিক্ত ৬ মাহৰ সশ্ৰম কাৰাদণ্ডও বিহে। উল্লেখ যে ২০১৫ চনত বিহপুৰীয়া থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু হৈছিল গোচৰ। কাৰদণ্ডৰে দ্বন্দীত শিক্ষক ৰবীন বৰুৱা বিহপুৰীয়াৰ দঙিবিল এম ই স্কুলৰ প্ৰধান শিক্ষক আছিল ।










