ৰঙিয়া , ৮ জানুৱাৰী :- ৰঙিয়াত আজি নিজ সংগঠনৰ দাবী উত্থাপন কৰি চৰকাৰৰ জিন্দাবাদ ধ্বনি দিয়াৰ এক ব্যতিক্ৰমী দৃশ্য আজি ৰঙিয়াত পৰিলক্ষিত হ’ল । চৰকাৰৰ ওচৰত দাবী জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়ে সংগঠনটোৰ সহস্ৰাধিক সদস্যই । ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত আজি অনুষ্ঠিত সদৌ অসম অ-প্রাদেশীকৃত শিক্ষক-কর্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মিলনত চৰকাৰৰ জয়ধ্বনি দিয়া হয় । উক্ত সংগঠনটোৰ উদ্যোগত মধ্য আৰু নামনি অসম ভিত্তিত অনুষ্ঠিত শিক্ষক-কর্মচাৰীৰ সন্মিলনত সহস্ৰাধিক অ-প্ৰাদেশীকৃত শিক্ষকে এনেদৰে নিজৰ দাবী উত্থাপন কৰে । যোৱা বছৰ অক্টোবৰ মাহত এই সকল শিক্ষকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক লগ কৰাৰ পিছত সেই সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে মানি লোৱা হ’ব বুলি আশ্বাস দিছিল । উক্ত শিক্ষকসকলে বিটিআৰ অঞ্চলৰ সকলো পৰ্যায়ৰ বিদ্যালয় বিনাচৰ্তে প্রাদেশীকৰণ কৰা , বিটিআৰ চুক্তি ২০২০ ৰ ৬.৩ দফা অনুসৰি অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বিদ্যালয় প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰক , ভেঞ্চাৰ বিদ্যালয় সমূহক শিক্ষকৰ অধিকাৰ আইন মতে পর্যন্ত সকলো সুবিধা প্ৰদান কৰা , অ-প্রাদেশীকৃত বিদ্যালয়ৰ ৰোগীয়া শিক্ষক-কর্মচাৰী সকলৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰা , বিনা বেতনে অৱসৰপ্ৰাপ্ত আৰু মৃত শিক্ষক-কর্মচাৰী সকলক মৰ্যদা সহকাৰে এক কালীন আর্থিক সাহাৰ্য্য প্রদান কৰা আদি দাবী উত্থাপন কৰে।










