হাটশিঙীমাৰী, ২২ জানুৱাৰীঃদক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কাকৰীপাৰাৰ বেপাৰীপাৰা গাঁৱৰ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটিয়া তাঁৰৰবেৰৰ কাষৰ পুখুৰীৰ পানীৰ মেটেকাৰ তলত উৱলি যোৱা এগৰাকী অচিনাক্ত যুৱকৰ নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱাকালি ৰাতিপুৱা ১০ মান বজাত স্থানীয় লোকে মুতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক অৱগত কৰাত মৃত্যুদেহটো চাবলৈ স্থানীয় পুৰুষ-মহিলাই ভিৰ কৰে৷ এই সন্ধৰ্ভত মানকাচৰ থানাৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত মানকাচৰ থানাৰ আৰক্ষীৰ দল এটা উপস্থিত হয়। আনকি ঘটনাস্থলীত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ উপস্থিত হৈ কাৰ্যবাহী দন্ডাধীশৰ উপস্থিতিত মৃত্যুদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। পানীত গেলিপচি উৱলি যোৱা মৃত্যুদেহটো আনুমানিক ৩০ বছৰীয়া যুৱকৰ বুলি ধাৰণা কৰা হৈছে। মৃতদেহটো কোনো দূস্কৃতিকাৰীয়ে হত্যা কৰি কিছুদিন পূৰ্বে পেলাই দিয়াৰ আশংকা কৰা হৈছে যদিও কোনে কি কাৰণত যুৱকজনক হত্যা কৰি এনেদৰে পেলাই থৈ গৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ত আৰু মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে যুৱকজনক হত্যা কৰাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। মনকৰিবলগীয়া বিষয় যে যোৱা প্ৰায় তিনি মাহ মান পূৰ্বে মানকাচৰ থানা এলেকাৰ ডাকেৰ গাওঁৰ নুৰ নবী ওৰফে নুৰু নামৰ এগৰাকী যুৱক সন্ধানহীন হৈ আছে যদিও মৃতদেহটো একেবাৰে উৱলি যোৱাত চিনাক্তকৰণ সম্ভৱ হোৱা নাই বুলি জনা গৈছে৷