ৰঙিয়া, ২৬ জানুৱাৰী ঃসমগ্ৰ ৰাজ্যতে আজি বাগদেবীৰ বন্দনাৰে উদযাপিত হৈছে সৰস্বতী পূজা।ইয়াৰ মাজতেই ধৰ্মীয় ভেদাভেদ পাহৰি ৰঙিয়াৰ নিকটৱৰ্তী এখন সম্পূৰ্ণ মুছলিম অধ্যুষিত গাওঁ মৰাণজানাত মিলিজুলি প্ৰাথমিক বিদ্যালয়ত ইছলামধৰ্মী লোকসকলে বিদ্যালয় কৰ্তৃপক্ষৰ লগত মিলি প্ৰথমবাৰৰ বাবে আয়োজন কৰিলে সৰস্বতী পূজা।এই পূজাৰ বিশেষ আকৰ্ষণ আছিল কণকণ শিশুসকলৰ পৰিপাতি তথা নিয়মানুৱৰ্তীতা।ভৱিষ্যতেও এই পূজা অনুষ্ঠিত কৰি যোৱাৰ আশা আয়োজক সকলৰ।ইছলাম ধৰ্মাৱলম্বী লোকসকলেও সম্পূৰ্ণ আধ্যাত্মিক ৰিতি নীতিৰে উদযাপন কৰিলে সৰস্বতী পূজা ।