বৰপেটা,৮ চেপ্টেম্বৰঃবৰপেটা জিলাৰ জনিয়া সমষ্টি তথা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰত এক ভয়ংকৰ পথ দুৰ্ঘটণা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত মুছাৰফ হুছেইন (২১) নামৰ এজন ছাত্ৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে মটৰ চাইকেল আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন কলেজীয়া ছাত্ৰ । অভয়াপুৰী থানাৰ অন্তৰ্গত বালাপাৰা, মাত্ৰাঘোলা গাঁৱৰ বাসিন্দা তথা কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল মুছাৰফ । ছাত্ৰজনে পঞ্চম ষান্মাসিকৰ নামভৰ্তিৰ বাবে কলেজলৈ গৈছিল। পিছে কলেজৰ পৰা বন্ধুৰ মটৰ চাইকেল লৈ বেঁকী দলঙৰ কাষলৈ ফুৰিবলৈ গৈছিল মুছৰাফে । তাৰ পাছত পুনৰ কলেজলৈ উভতি যোৱাৰ পথত মুছাৰফে যাত্ৰীবাহী ই-ৰিক্সাখনত খুন্দা মাৰে আৰু লগে লগে মটৰ চাইকেলসহ ৰাস্তাত বাগৰি পৰে মুছাৰফ । দুৰ্ভাগ্যজনকভাৱে থিতাতে মুছাৰফৰ মৃত্যু হয় । এই দুৰ্ঘটনাত ই-ৰিক্সাৰ দুজনকৈ যাত্ৰীও আহত হয় । সম্প্ৰতি এই ঘটনাত সমগ্ৰ অঞ্চলত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।