গুৱাহাটী,২ ফেব্ৰুৱাৰীঃ বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে যুদ্ধ ঘোষণা কৰিছে। অসমৰ পৰা বাল্যবিবাহ আৰু কম বয়সত সন্তান জন্ম দিয়া ব্যৱস্থা নোহোৱা কৰা হ’ব। শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে চলিব অভিযান আৰু গ্ৰেপ্তাৰ প্ৰক্ৰিয়া। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে এই কথা সদৰি কৰে। বিগত ৯ দিনত বাল্যবিবাহৰ চাৰি হাজাৰ গোচৰ ৰুজু হৈছে বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে কাইলৈ এই সংখ্য ৫ হাজাৰৰো বেছি হ’ব। বাল্যবিবাহ আৰু ১৮ বছৰৰ তলত সন্তান জন্ম দিয়া ব্যৱস্থাৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হৈছে বুলি সদৰি কৰি তেওঁ কয় যে অসমত বছৰি কমেও ৫০ হাজাৰ বাল্যবিবাহ হয়। এই অবৈধ বিবাহ নোহোৱা কৰিব লাগিব। তেওঁ লগতে কয় যে বাল্যবিবাহৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব আৰু কাইলৈৰ পৰা চলিব এই অভিযান। বাল্যবিবাহত জড়িত থকা মোল্লা, জোনাব, কাজি নাইবা পূজাৰীকো নজৰত ৰখা হ’ব বুলি তেওঁ কয়। বাল্যবিবাহ প্ৰক্ৰিয়া বন্ধ নোহোৱা পৰ্যন্ত এই অভিযান অব্যাহত থাকিব। তেওঁ লগতে কয় যে বাল্যবিবাহৰ স্বীকাৰ হোৱাসকলৰ পুনৰ সংস্থাপনৰ বাবেও চৰকাৰে চিন্তা-চৰ্চা কৰিছে আৰু আগন্তুক বাজেটত এইক্ষেত্রত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উজনি আৰু মধ্য অসমত বাল্যবিবাহৰ হাৰ সৰ্বাধিক বুলি উল্লেখ কৰি তেওঁ কয় যে নামনি অসমত হোৱা বিবাহৰ ৪০ শতাংশই বাল্যবিবাহ।