তামুলপুৰ, ৮ ফেব্ৰুৱাৰী:তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধিনৰ কাউলীৰ তৰুণ গাঁওত আৱকাৰী বিভাগে অভিযান চলাই আজি ২০ কাৰ্টুন ভূটানী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আজি দিনৰ ভাগত বাক্সা জিলা আৱকাৰী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত মুছলপুৰ আৱকাৰী পৰিদৰ্শন পংকজ বৰ্মণ, তামুলপুৰ আৱকাৰী চক্ৰৰ সহ পৰিদৰ্শক বাবুল বৈশ্য আৰু এছএছবিৰ ৬৪ নম্বৰ বাহিনীৰ সহযোগত তৰুণ গাঁওৰ ভৱেশ বিশ্বাস আৰু ব্ৰজেন মণ্ডল নামৰ লোক দুগৰাকীৰ বাসগৃহত অভিযান চলাই ঘৰৰ ভিতৰত অবৈধ ভাৱে মজুত কৰি থোৱা ২০ কাৰ্টুন ভূটানী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। পিছত আৱকাৰী বিভাগে জব্দকৃত সুৰা খিনি তামুলপুৰ আৱকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। আৱকাৰী বিভাগে জনোৱা মতে সুৰাখিনিৰ মুল্য প্ৰায় ৫০ হাজাৰ টকাৰ হ’ব।










