টীয়ক, ৮ ফেব্ৰুৱাৰীঃযি সময়ত চৰকাৰী বিদ্যালয়সমূহলৈ অভিভাৱকসকলৰ অনিহা অহা পৰিলক্ষিত হৈছে তেনে সময়তে টীয়কৰ এখন বিদ্যালয়খনৰ এক ইতিবাচক পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে।ব্যক্তিগতখণ্ডৰ বিদ্যালয়ক সমানে ফেৰ মাৰি ১৭০ ছাত্ৰ ছাত্ৰী থকা টীয়কৰ অতিকৈ ভিতৰুৱা অঞ্চল ৰাজৈত ৰাজৈ বাগান প্ৰথমিক বিদ্যালয়ে বিদ্যালয়ৰ চৌহদত জৈৱিক শাকনিবাৰী পাতি এক আদৰ্শ দাঙি ধৰিছে। বিদ্যালয়ৰ আবাদী মাটিত ছাত্ৰ-ছাত্ৰীসকলক পুথিগত শিক্ষাৰ লগতে খেতিৰ প্ৰতি আৰ্কষিত কৰিবলৈ শিক্ষক সকলে কৰিছে এখন জৈৱিক শাকনিবাৰী। শাকনিবাৰী ডৰাত প্ৰতি দিনেই ছাত্ৰ ছাত্ৰী সকলক খেতিৰ পদ্ধতি, যতন সৰ্ম্পকত জ্ঞান দিয়া হয়। বিভিন্ন শাক পাছলিৰ পুলি ছাত্ৰ ছাত্ৰী সকলক ঘৰলৈ প্ৰদান কৰি তাৰ কিদৰে ৰূপণ কৰি যত্ন লৱ লাগে সেয়াও শিকোৱা হয়।ইপিনে এই বাৰীয়ে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় পাচলি উৎপাদন কৰি সম্পূৰ্ণ জৈৱিক পাচলিৰে ছাত্ৰীসকলক খোৱাৰ ব্যৱস্থা কৰে।উল্লেখযোগ্য যে অসম চৰকাৰে বৰ্তমান প্ৰতিখন বিদ্যালয়ত একোখনকৈ কিটচেন গাৰ্ডেন পাতি ছাত্ৰ ছাত্ৰীসকলক পুথিগত শিক্ষাৰ সমান্তৰালকৈ ব্যৱহাৰিক শিক্ষা প্ৰদানৰ এক ব্যৱস্থা কৰিছে যদিও ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ে এই পদক্ষেপ চৰকাৰী নিৰ্দেশনাৰ বহুবছৰ পূৰ্বৰে পৰা এই বাগিছা পাতি খেতি কৰি আহিছে।এইবাৰ বন্ধা কবি,ওল কবি,বেঙেনা,আলু,ফুল কবি,পালেং ধনীয়াকৈ ধৰি বিভিন্ন খেতি কৰিছে ইপিনে বিদ্যালয়ৰ চৌহদত আম,লেটেকু,কল,কুহিয়াৰ,শিলিখা,আমলখি আদি কৰি বিভিন্ন বতৰৰ ফলমূলৰ গছ ৰোপন কৰিছে আৰু ইতিমধ্য দুই চাৰি গছত ফল ধৰিছে।লগতে বিদ্যালয়ৰ চৌহদ বিভিন্ন ফুলৰ ফুলনী পাতি এক আকৰ্ষণীয় পৰিবেশ গঢ়ি এক সুন্দৰ পৰিবেশ গঢ়ি তুলিছে।এই সকলো কৰ্মত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী,মাতৃগোট তথা অভিভাৱক স্থানীয় ৰাইজে সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে যিটো এক অতি ইতিবাচক পদক্ষেপ বুলি সকলোৱে মত প্ৰকাশ কৰিছে।