গুৱাহাটী,১৪ ফেব্ৰুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ এই ব্যাপক অভিযানৰ মাজতে বহু লোকে আত্মসমৰ্পন কৰিবলৈ ওলাই আহিছে। এতিয়ালৈকে অসম আৰক্ষীয়ে বাল্য বিবাহৰ সৈতে জড়িত মুঠ ৩০১৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাল্য বিবাহৰ সৈতে জড়িত বহুসংখ্যক লোকেই আৰক্ষীৰ ওচৰলৈ আহি আত্মসমর্পণ কৰিছে। এয়া এক ইতিবাচক খবৰ। আনহাতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলিও প্রকাশ কৰে মুখ্যমন্ত্ৰীজনে। উল্লেখ যে ২৩ জানুৱাৰীত মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰিছিল যে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যিসকলে ১৪ বছৰৰ তলৰ ছোৱালীৰ সৈতে বিবাহ কৰে তেওঁলোকক পকছ’ৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব। আনহাতে ১৪-১৮ বছৰ বয়সৰ ছোৱালীৰ লগত বিবাহ কৰাসকলক বাল্য বিবাহ নিষেধাজ্ঞা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব। এই ঘোষণাৰ পিছৰে পৰা অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ বিৰুদ্ধে ৪,১৩৫টা গোচৰ পঞ্জীয়ন কৰে। এই গোচৰৰ ভিত্তিত ৩ ফেব্ৰুৱাৰীৰ পৰা আৰক্ষীয়ে অভিযান চলাই এতিয়ালৈকে ৩০১৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত বাৰ দিন ধৰি ৰাজ্যত অব্যাহত থকা এই অভিযানক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও মুখ্যমন্ত্রীৰ নিৰ্দেশত আৰক্ষীয়ে চলাই গৈছে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্রীৰ স্পষ্ট কথা যে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। সামাজিক শত্ৰুৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব আৰু এইক্ষেত্রত মুখ্যমন্ত্রীয়ে সামাজিক অপৰাধৰ বিৰুদ্ধে চলা এই অভিযানত অসমৰ ৰাইজৰ সমৰ্থন কামনা কৰে। উল্লেখ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে হঠাতে চলোৱা বৃহৎ অভিযানক লৈ ৰাজ্যজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত বাল্য বিবাহ কৰা স্বামীৰ উপৰি পৰিয়ালৰ লোক, কাজি, মৌলানা আৰু পুৰোহিতো আছে। ৰাজ্যৰ থানাসমূহ এতিয়া বাল্য বিবাহৰ গোচৰকলৈ ব্যস্ত হৈ পৰিবলগীয়া হৈছে। ইফালে কাৰাগাৰত ঠাইৰ অভাৱ হোৱাত বিভিন্ন স্থানত নিৰ্মাণ কৰা হৈছে অস্থায়ী কাৰাগাৰ। ইতিমধ্যে অস্থায়ী কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে বাল্য বিবাহ বিৰোধী অভিযানৰ অভিযুক্তসকলক। অৱশ্যে বহু সংখ্যক লোকে ইতিমধ্যে জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে বিভিন্ন দল-সংগঠনে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে হঠাতে চলোৱা ব্যাপক অভিযানক কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াক অনৈতিক আখ্যা দিছে। কিন্তু ব্যাপক প্ৰতিবাদ আৰু সমালোচনাৰ পাছতো ৰাজ্য চৰকাৰ নিজৰ স্থিতিত অটল হৈ আছে। এইক্ষেত্ৰত চৰকাৰে সদায়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যে সদৰি কৰিছে। মুখ্যমন্ত্রীৰ মতে ৰাজ্যৰ লাখ লাখ ছোৱালীক ভৱিষ্যতে বাল্য বিবাহৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব। আনহাতে মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে ১৪ বছৰৰ ওপৰৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষে জামিন পাব। কিন্তু ১৪ বছৰৰ তলৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষৰ ক্ষেত্ৰত জামিনবিহীন ধাৰা প্ৰয়োগ কৰা হ’ব। অৱশ্যে এই অভিযান কিমান দিনলৈ অব্যাহত থাকিব সেয়া সময়েহে ক’ব। কাৰণ ইতিমধ্যে চৰকাৰখনে চমক সৃষ্টি কৰা বহুকেইটা অভিযান আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত স্থবিৰ হৈ পৰিছিল।