হাটশিঙীমাৰী, ৪ মাৰ্চঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী ধানুৱাত ভূমি কেন্দ্ৰীক সংঘাতত এজন লোকক গাড়ীৰে চেপি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ দুৰ্ঘটনাত নিহত লোকজন ধানুৱা গাঁৱৰ শৰিফ হুছেইন বুলি জানিব পৰা গৈছে৷ নিহত লোকজনৰ বয়স ৫২ বছৰ৷ যোৱা কালি সন্ধীয়া প্ৰায় ৫ বজাত বজাৰৰ পৰা শৰিফ হুছাইন নামৰ বৃদ্ধ লোকজনে অসম-মেঘালয় সীমান্ত পথেৰে চাইকেল চলাই আহি থাকোঁতে মাহাবুৰ নামৰ লোকজনে ML07 C 0364 নম্বৰৰ গাড়ীয়ে বৃদ্ধলোকজনক মহতিয়াই নিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। আহত শৰিফ হুছেইনক ততাতৈয়াকৈ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়খনতে শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধ লোকজনে। নিহত লোকজনৰ আত্মীয়ই জানিবলৈ দিয়া মতে মাহাবুৰ নামৰ এজন লোকে ML07 C 0364 নম্বৰৰ গাড়ীৰে আক্ৰোশমূলক বাবে মহতিয়াই হত্যা কৰে ব্যক্তিজনক। স্থানীয় ৰাইজে জনোৱা মতে শৰিফ হুছেইন আছিল ধানুৱা গাঁৱৰ মছজিদৰ সম্পাদক।মজজিদৰ মাটিকলৈ দুই ফৈদৰ আছিল দীৰ্ঘদিনৰ পৰা ভূমি কেন্দ্ৰীক সংঘাত চলি আছিল । মজজিদৰ ভূমি কেন্দ্ৰীক সংঘাতক কেন্দ্ৰ কৰি মাহাবুৰ নামৰ লোক জনে গাড়ীৰে চেপী হত্যা কৰাৰ অভিযোগ শৰিফ হুছেইনৰ পৰিয়ালৰ লোকৰ৷ ইতিমধ্যে মেঘালয় আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।আনহাতে ঘটনাস্থলীত মেঘালয় আৰক্ষী আৰু কালাপানী আৰক্ষী উপস্থিত হৈ মৃত্যুদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মেঘালয়ৰ তুৰালৈ প্ৰেৰণ কৰে। উক্ত দুৰ্ঘটনা সংঘটিত কৰি মাহাবুৰ নামৰ গাড়ীচালকজন বৰ্তমান পলাতক হৈ আছে৷ শেহতীয়াকৈ ঘটনাস্থলীত টায়াৰ জ্বলাই দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্থি দিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে।