বৰপেটাৰোড, ১৪ ফেব্ৰুৱাৰী -বৰপেটাৰোডৰ সমীপৰ বাৰাপেটাৰ পৰা সন্ধানহীন হৈ থকা যুৱকৰ কাপোৰ-চেণ্ডেল কালি ডুমুনি দলঙৰ কাষৰ বেঁকী নৈৰ পাৰত উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । খবৰ অনুসৰি, লাবডাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বাৰাপেটাৰ গিৰীশ দাস (২৭) নামৰ যুৱকজন শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে। কালি ডুমুনি দলঙৰ কাষৰ বেঁকী নদীৰ পাৰত যুৱকজনৰ কাপোৰ আৰু চেণ্ডেল উদ্ধাৰ হোৱাত পৰিয়ালটোত হাহাকাৰ লাগে। স্থানীয় লোকে জানিব দিয়া অনুসৰি শনিবাৰে গাঁৱৰে এখন বিয়াত ৰাইজক ভাত বিলাই থকা গিৰীশ দাস সন্ধিয়া ৮.৩০ মান বজাৰ পৰাই সন্ধানহীন হৈ পৰে। পাছত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত দাসক বিচাৰ-খোঁচাৰ কৰে যদিও সন্ধান নোপোৱাত স্থানীয় লাবডাংগুৰি আৰক্ষী চকীত খবৰ দিয়ে। আৰক্ষীয়ে যুৱকজনৰ সন্ধান অব্যাহত ৰখাৰ সময়তে কালি বৰপেটাৰোড থানাৰ অন্তৰ্গত ডুমুনি দলঙৰ কাষৰ বেঁকী নৈৰ পাৰত তেওঁৰ কাপোৰ আৰু চেণ্ডেল উদ্ধাৰ হৈছে। জানিব পৰা মতে গিৰীশ দাস পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল । ইতিমধ্যে বৰপেটাৰোড আৰক্ষী ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত ৰহস্য।