নিউজ ডেক্সঃপ্ৰথমে লৰেন্স বিষ্ণোই আৰু এতিয়া তেওঁৰ সহায়ক গোল্ডি ব্ৰাৰ পৰা ছলমান খানলৈ আহিছে ইটোৰ পিছত সিটো ভাবুকি।যোৱা শনিবাৰে ছলমানৰ ব্যক্তিগত সহায়কৰ পৰা ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰি অভিনেতাগৰাকীয়ে মুম্বাই আৰক্ষীৰ কাষ চাপিছিল। সেই অনুসৰি বান্দ্ৰাৰ তেওঁৰ ফ্লেটত মোতায়েন কৰা হৈছে আৰক্ষী। অভিনেতাগৰাকীৰ কেইবাটাও শ্ব’ বাতিল কৰা হৈছে। ইফালে লৰেন্সৰ সহায়ক গোল্ডি ব্ৰাৰে ছলমানৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত গুঞ্জলকাৰলৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰে।ছলমানৰ ছবি ‘কিছি কি ভাই কিছি কা জান’ এপ্ৰিল মাহত মুক্তি পাব। এতিয়াই হৈছে ছবিখনৰ প্ৰচাৰৰ সময়। বহু প্ৰত্যাশিত ছবিখনৰ মুক্তিৰ পূৰ্বেই এক উন্মাদনাত নামি পৰিছে অভিনেতাগৰাকী। ধাৰাবাহিক ভাবুকিৰ বাবেও আতংকিত হৈ পৰিছে ছলমানৰ পৰিয়াল। অভিনেতাগৰাকীৰ বন্ধু প্ৰশান্তই লৰেন্স আৰু তেওঁৰ সহকাৰী গোল্ডি আৰু ইমেইল আইডিৰ মালিক ৰোহিত গাৰ্গৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু কৰিছে।প্ৰসংগক্ৰমে বৰ্তমান লৰেন্স তিহাৰ জেলত আছে। তাৰ পৰাই ইমেইল, সাক্ষাৎকাৰত তেওঁ পোনপটীয়াকৈ ছলমানক ক্ষমা খুজিবলৈ ভাবুকি দিছে। ‘হম সাথ সাথ হায়’ ছবিৰ শ্বুটিঙৰ সময়ত অভিনেতাজনে এটা ব্লেকবাক চিকাৰ কৰিছিল। কেইবাবছৰ ধৰি এই গোচৰ চলিছিল। কিন্তু লৰেন্সে ছলমানক ৰাজহুৱা ভাবুকি দি কয় যে যদি তেওঁ ক্ষমা নিবিচাৰে তেন্তে তাৰ পৰিণাম তেওঁ ভোগ কৰিব লাগিব। এই পৰিস্থিতিত ছলমানৰ অনুৰাগীসকলো চিন্তিত হৈছে।










