তামুলপুৰ, ২৬ এপ্ৰিল বিটিআৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা কৃষি বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান চমুকৈ এনএফএছএমৰ অধীনত আজি প্ৰগতিশীল কৃষকক পাৱাৰ টিলাৰ বিতৰণ কৰা হয়। তামুলপুৰ মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ত আজি অঞ্চলটোৰ শতাধিক কৃষকৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি পাৱাৰ টিলাৰ সমূহ বিতৰণ কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে তামুলপুৰ মহকুমা কৃষি বিষয়া কমলজ্যোতি দাসে। সভাখনত বিটিআৰৰ কৃষি বিভাগৰ ইএম ঘনশ্যাম দাস উপস্থিত থাকি বৈজ্ঞানিক পদ্ধতিৰে কৃষি কাৰ্য কৰি আগবাঢ়ি যাবলৈ কৃষকসকলক আহ্বান জনোৱাৰ লগতে এইক্ষেত্ৰত বিটিআৰৰ কৃষি বিষয়া সকলে কৃষকসকলক এশ শতাংশই সহযোগ কৰিব বুলি মন্তব্য কৰে। সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়েও কৃষকসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সভাৰ অন্তত আজি আনুষ্ঠানিকভাৱে ২০ গৰাকী প্ৰগতিশীল কৃষকক পাৱাৰ টিলাৰ বিতৰণ কৰা হয় । অৱশ্যে অহা ২৯ এপ্ৰিললৈ পৰ্যায়ক্ৰমে অঞ্চলটোৰ ১৫০ গৰাকী কৃষকক এই পাৱাৰ টিলাৰ প্ৰদান কৰা হব বুলি মহকুমা কৃষি বিষয়া কমলজ্যোতি দাসে জানিবলৈ দিয়ে। অনুষ্ঠানত বিটিআৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী , হেমন্ত কুমাৰ ৰাভা, পবিত্ৰ কুমাৰ বড়ো, টিচিএলচিচিৰ অধ্যক্ষ ফণীন্দ্ৰ নাৰ্জাৰী, পবিত্ৰ নাৰ্জাৰী, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া টিকেন্দ্ৰজিত তালুকদাৰ, ৰবীন দাস, নিৰঞ্জন হাজোৱাৰী, কৃষি উন্নয়ন বিষয়া ডান্সৰাঙ বসুমতাৰী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।