নিউজ ডেক্স :আই আই টি গুৱাহাটী আৰু C-DAC ( centre for Development of advance Computing) ৰ মাজত বৃহস্পতি বাৰে নিশা সম্পন্ন হয় এখন বুজা-বুজিৰ চুক্তি ।শিক্ষা প্ৰতিষ্ঠান খনৰ মুখ্য সভা কক্ষত অনুষ্ঠিত হোৱা এই বুজাবুজিৰ চুক্তিত আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক পৰমেশ্বৰ কে আয়াৰ, অসম চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব চয়দিন আব্বাচী , অসম চৰকাৰৰ পৰিবহন বিভাগৰ অতিৰিক্ত সচিব গৌৰৱ উপাধ্যায় আৰু C-DAC ৰ সঞ্চালক আদিত্য কুমাৰ সিনহা উপস্থিত আছিল। ।অহা ৩ -৪ মাহৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুজাবুজিৰ চুক্তিত সন্নিৱিষ্ট হোৱা প্ৰতিটো শিতান ।এই চুক্তি খনৰ দ্বাৰা চৰকাৰ ,সমাজ,শিক্ষা প্ৰতিষ্ঠান তথা জনতাক তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ ভাৱে উপকৃত কৰিব পৰা যাব ।চুক্তি সম্পাদন কৰি C-DAC ৰ সঞ্চালক আদিত্য কুমাৰ সিনহাই সদৰি কৰা মতে সমগ্ৰ ভাৰতবৰ্ষত C -DCA ৰ মুঠ ১২ টা কেন্দ্ৰ আছে ইয়াৰে ১১ নম্বৰ কেন্দ্ৰটি ২০১৪ চনত শিলচৰত স্থাপন কৰাহৈছিল । এতিয়া আই আই টি গুৱাহাটীৰ সৈতে একেলগে কাম কৰিব C-DAC এ ।










