গুৱাহাটী,২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে উলহ-মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়। ৰাজ্যপালে তেওঁৰ দীঘলীয়া ভাষণত ৰাজ্যখনৰ প্ৰগতিৰ বাবে চৰকাৰখনে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ লগতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই ৰাজ্যপালে বীৰ শ্বহীদলৈ শ্রদ্ধা জ্ঞাপন কৰে। ৰাজ্যপালে বিকশিত অসমৰ বিভিন্ন দিশ উল্লেখ কৰি কয় – “মা কামাখ্যাৰ ভূমি আৰু শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ তথা লাচিত বৰফুকন, কনকলতা বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা আদিৰ দৰে কিংবদন্তিসকলে বাস কৰি যোৱা এই পৱিত্ৰ ভূমিৰ অংশ হ’বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আজি অসমত বিকাশৰ নতুন নতুন খণ্ড উন্মোচিত হৈছে। বিগত বছৰটোত ৰাজ্যখনত শান্তি স্থাপন, আন্তঃগাঁথনি উন্নয়ন, সমাজ কল্যাণ, অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি পৰিলক্ষিত হৈছে। বহনক্ষম উন্নয়ন আৰু সমাৱেশী বিকাশৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো, যাতে উন্নয়নৰ সুফলসমূহ দূৰৱৰ্তী গাঁৱৰ পৰা আৰম্ভ কৰি আমাৰ নগৰাঞ্চললৈ প্ৰতিজন নাগৰিকে লাভ কৰে। দীৰ্ঘদিনীয়া সংঘাতৰ সফল সমাধান, আন্তঃগাঁথনিগত উন্নয়ন আৰু লক্ষ্য নিৰ্দ্ধাৰিত সমাজ কল্যাণমূলক আঁচনিসমূহে জীৱন ধাৰণৰ মানৰ পৰিৱৰ্তন ঘটাইছে, যিয়ে এক ঐক্যবদ্ধ আৰু সমৃদ্ধিশালী অসমৰ প্ৰতি থকা আমাৰ দৃষ্টিভংগীক শক্তিশালী কৰি তুলিছে। শিক্ষা, স্বাস্থ্যসেৱা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অসমে লাভ কৰা সাফল্যই এখন সুস্থ, সবল আৰু দক্ষ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত থকা আমাৰ সংকল্পকে প্ৰতিপন্ন কৰে।” ৰাজ্যপালে গণৰাজ্য দিৱসৰ এই পৱিত্ৰ উপলক্ষত সকলোৱে হাতে-হাত মিলাই আমাৰ সংবিধানৰ আদৰ্শক সন্মান জনাই সকলোৰে বাবে সমান সুবিধাৰ বাবে এক উজ্বল ভবিষ্যৎ গঢ়াৰ উপৰি অসম আৰু ভাৰতৰ বিকাশৰ যাত্ৰাত নিজৰ দায়বদ্ধতা সুনিশ্চিত কৰাৰ বাবে সংকল্পবদ্ধ হোৱাৰ বাবে আহ্বান জনায়। দীঘলীয়া ভাষণত ৰাজ্যপালে বিভিন্ন বিষয় আলোকপাত কৰি চৰকাৰী বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপালে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত আৰক্ষী, এন চি চি আদিৰ কুচ-কাবাজ প্ৰদৰ্শন কৰা হয়। লগতে অসমৰ বাৰেবৰণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হয়। গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।