গুৱাহাটী,২০ ডিচেম্বৰ : অসমৰ সংযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বজোৰা সংযোগৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি হিচাবে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ আগবঢ়াই মোদীয়ে কয় যে আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়ন তথা প্ৰগতিৰ উৎসৱ চলিছে। তেওঁ আলোকপাত কৰে যে যেতিয়া প্ৰগতিৰ পোহৰ মানুহৰ ওচৰ পায়গৈ তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতা স্পৰ্শ কৰিবলৈ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে অসমৰ ভূমিৰ প্ৰতি তেওঁৰ গভীৰ মোহ আছে, ইয়াৰ জনসাধাৰণৰ মৰম , বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মাতৃ-ভগ্নীসকলৰ মৰমৰ উষ্ণতাই তেওঁক নিৰন্তৰ অনুপ্ৰাণিত কৰাৰ লগতে অঞ্চলটোৰ উন্নয়নৰ বাবে সামূহিক সংকল্পক শক্তিশালী কৰি তোলে। তেওঁ আলোকপাত কৰে যে আজি পুনৰবাৰ অসমৰ উন্নয়নত এক নতুন অধ্যায় সংযোজন কৰা হৈছে। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এটি গীতৰ কলি উল্লেখ কৰি মোদীয়ে কয় যে ইয়াৰ অৰ্থ হৈছে মহান ব্ৰহ্মপুত্ৰ নদীৰ পাৰ জিলিকি উঠিব, অন্ধকাৰৰ প্ৰতিখন দেৱাল ভাঙি যাব আৰু এয়া নিশ্চয় হ’ব, কাৰণ ই দেশৰ সংকল্প আৰু গম্ভীৰ প্ৰতিজ্ঞা। ভূপেন হাজৰিকাৰ গীতৰ কলিবোৰ কেৱল গীত নহয় বৰঞ্চ অসমক ভালপোৱা প্ৰতিগৰাকী মহান আত্মাৰ গম্ভীৰ সংকল্প । আজি এই সংকল্প পূৰণ হোৱা বুলি মন্তব্য কৰি মোদীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁত যেনেকৈ কেতিয়াও বন্ধ নহয়, ঠিক তেনেদৰে কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰৰ অধীনত চলি থকা অসমৰ উন্নয়নৰ ধাৰাও নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব। তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত নতুন টাৰ্মিনেল উদ্বোধনেই এই প্ৰতিশ্ৰুতিৰ প্ৰমাণ বুলি উল্লেখ কৰে। এই নতুন টাৰ্মিনেল ভৱনৰ বাবে অসমবাসী আৰু দেশলৈ তেওঁ অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে কিছু সময়ৰ পূৰ্বে তেওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ বাবে গৌৰৱৰ উৎস গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য লভিছিল। তেওঁ কয় যে বৰদলৈয়ে অসমৰ পৰিচয়, ভৱিষ্যত, স্বাৰ্থৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল। তেওঁৰ প্ৰতিমূৰ্তিয়ে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব আৰু সকলোৰে মাজত অসমৰ প্ৰতি গভীৰ গৌৰৱবোধ জগাই তুলিব। “আধুনিক বিমানবন্দৰৰ সুবিধা আৰু উন্নত সংযোগৰ আন্তঃগাঁথনিয়ে যিকোনো ৰাজ্যৰ বাবে নতুন সম্ভাৱনা তথা সুযোগৰ দুৱাৰ হিচাপে কাম কৰে, জনসাধাৰণৰ মাজত বৃদ্ধি পোৱা আত্মবিশ্বাস আৰু বিশ্বাসৰ স্তম্ভ হিচাপে থিয় দিয়ে।” – প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মন্তব্য কৰে যে যেতিয়া মানুহে অসমত ঘাইপথ আৰু বিমানবন্দৰ নিৰ্মাণৰ সাক্ষী হয় তেতিয়া তেওঁলোকে নিজেই স্বীকাৰ কৰে যে অৱশেষত অসমৰ বাবে প্ৰকৃত ন্যায় প্ৰাপ্তি আৰম্ভ হৈছে। তেওঁ অতীতৰ কথা উল্লেখ কৰি কয় যে পূৰ্বৰ চৰকাৰসমূহে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন কেতিয়াও তেওঁলোকৰ এজেণ্ডা ৰখা নাছিল। তেওঁ উল্লেখ কৰে যে সেই চৰকাৰসমূহৰ নেতাসকলে কৈছিল, “অসম আৰু উত্তৰ-পূবলৈ কোন যায়?” অঞ্চলটোত আধুনিক বিমানবন্দৰ, ঘাইপথ, আৰু উন্নত ৰে’লপথৰ প্ৰয়োজনীয়তাৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিল । প্ৰধানমন্ত্ৰীয়ে কয় যে এই মানসিকতাৰেই বিৰোধীয়ে দশক দশক ধৰি সমগ্ৰ অঞ্চলটোক অৱহেলা কৰি গৈছিল। ছয়ৰ পৰা সাত দশকত বিৰোধীয়ে কৰা ভুলসমূহ তেওঁৰ নেতৃত্বত এটা এটাকৈ শুধৰণি কৰা হৈছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে বিৰোধী নেতাসকলে উত্তৰ-পূবলৈ যাওক বা নাযাওক, তেওঁ নিজে পিছে অসম আৰু এই অঞ্চললৈ আহিলেই নিজৰ মানুহৰ মাজত থকা যেন অনুভৱ কৰে। তেওঁ কয় যে তেওঁৰ বাবে অসমৰ উন্নয়ন কেৱল এক প্ৰয়োজনীয়তাই নহয়, ই এক দায়িত্ব আৰু এক জবাবদিহিতাও। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বিগত এঘাৰ বছৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে লাখ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ এক নম্বৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ কথা সন্তুষ্টিৰে উল্লেখ কৰি তেওঁ অসমত আৰু অধিক অগ্ৰগতি তথা নতুন মাইলৰ খুঁটি সৃষ্টি কৰা বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে অসমে ৫০ লাখৰো অধিক স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁ ইয়াৰ বিপৰীতে পূৰ্বৰ সময়ৰ সৈতে তুলনা কৰে, যেতিয়া উৎকোচ বা অনুগ্ৰহ অবিহনে চৰকাৰী চাকৰি লাভ কৰাটো অসম্ভৱ আছিল। কিন্তু আজি হাজাৰ হাজাৰ যুৱকে এনে প্ৰথা অবিহনেই চাকৰি লাভ কৰিছে। মোদীয়ে লগতে আলোকপাত কৰে যে তেওঁলোকৰ চৰকাৰৰ অধীনত অসমৰ সংস্কৃতিক প্ৰতিটো মঞ্চতে প্ৰচাৰ কৰা হৈছে। তেওঁ ২০২৩ চনৰ ১৩ এপ্ৰিলত গুৱাহাটীৰ ষ্টেডিয়ামত ১১ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ ঐতিহাসিক পৰিঘটনাৰ কথা স্মৰণ কৰে, যি কৃতিত্ব গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছিল। তেওঁ মন্তব্য কৰে যে এনে নতুন অভিলেখ সৃষ্টি কৰি অসম দ্ৰুতগতিত আগবাঢ়িছে। এই নতুন টাৰ্মিনেল ভৱনৰ জৰিয়তে গুৱাহাটী আৰু অসমৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব, যাৰ ফলত বছৰি ১.২৫ কোটিতকৈ অধিক যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। এই কথা আলোকপাত কৰি মোদীয়ে কয় যে ইয়াৰ দ্বাৰা বৃহৎ সংখ্যক পৰ্যটকৰ অসম ভ্ৰমণৰ সুবিধা হ’ব আৰু ভক্তসকলৰ বাবে মা কামাখ্যাৰ দৰ্শনো সহজ হ’ব। তেওঁ কয় যে এই নতুন বিমানবন্দৰৰ টাৰ্মিনেলত ভৰি দিলে ঐতিহ্যৰ লগতে উন্নয়নৰ মন্ত্ৰৰ প্ৰকৃত অৰ্থ স্পষ্টভাৱে প্ৰতিফলিত হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিমানবন্দৰটো অসমৰ প্ৰকৃতি আৰু সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে, সেউজীয়া পৰিবেশ আৰুঅৰণ্যৰ দৰে পৰিবেশ ৰচনা কৰা হৈছে। মোদীয়ে মন্তব্য কৰে যে আজি ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে আৰু ভাৰতৰ ভূমিকাৰো পৰিৱৰ্তন ঘটিছে। তেওঁ আলোকপাত কৰে যে ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে। মাত্ৰ ১১ বছৰৰ ভিতৰতে কেনেকৈ এই কাম সম্ভৱ হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি আধুনিক আন্তঃগাঁথনিৰ উন্নয়নে ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰা বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে এখন উন্নত দেশৰ সংকল্প পূৰণৰ বাবে আন্তঃগাঁথনিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ২০৪৭ চনৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁ আলোকপাত কৰে যে এই ভৱিষ্যৎ উন্নয়নৰ অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল প্ৰতিখন ৰাজ্য আৰু প্ৰতিটো অঞ্চলৰ অংশগ্ৰহণ নিশ্চিত কৰা। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ পৰা আঁতৰাই ৰখাৰ বাবে পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰি মোদীয়ে কয় যে নিৰাপত্তা, ঐক্য আৰু অখণ্ডতাৰ ক্ষেত্ৰত দেশখনে গধুৰ মূল্য দিব লাগিব। তেওঁ আলোকপাত কৰে যে বিৰোধীৰ শাসনৰ অধীনত হিংসাই দশক দশক ধৰি বিৰাজ কৰিছিল। আনহাতে যোৱা ১১ বছৰত ইয়াৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত এসময়ত য’ত হিংসা আৰু ৰক্তপাতৰ প্ৰকোপ বেছি আছিল তাৰ বিপৰীতে আজি ৪জি আৰু ৫জি প্ৰযুক্তিৰ জৰিয়তে ডিজিটেল সংযোগ এই অঞ্চলসমূহত উপনীত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এসময়ত হিংসা প্ৰভাৱান্বিত বুলি গণ্য কৰা জিলাসমূহ এতিয়া আকাংক্ষিত জিলা হিচাপে গঢ় লৈ উঠিছে আৰু অনাগত সময়ত এই অঞ্চলসমূহেই ঔদ্যোগিক কৰিডৰত পৰিণত হ’ব। তেওঁ উত্তৰ-পূব সন্দৰ্ভত এক নতুন আত্মবিশ্বাসৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে আৰু ইয়াক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কে ৰামমোহন নাইডু, মুৰলীধৰ মহল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।