হাওৰাঘাট,২০ মাৰ্চ : কাৰ্বি আংলং জিলাৰ লাংহিনত শুক্ৰবাৰে কাৰ্বি আংলং জিলা বড়ো গাঁওবুঢ়া সন্থাৰ ১৭ সংখ্যক বছৰেকীয়া অধিৱেশন এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত গাঁওবঢ়া সন্থাৰ সভাপতি মনিন্দ্ৰ নাৰ্জাৰীয়ে পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা বড়ো গাঁওবুঢ়া সন্থাৰ সভাপতি মুনিন্দ্ৰ নাৰ্জাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে । কাৰ্বি আংলং জিলাৰ আমনি, চেলাবৰ, হাওৰাঘাট তিনি আলি, লাংহিন, ফুলনি, মাণিকপুৰ, ৰজাপথাৰ, দীঘলীআটিৰ দৈমা দৈচা, ডেনগাওঁ পাৰখোৱা, ফেৰেংগা, জুকুতা, ডিফু, বৰথল, হাওৰাঘাট, সোণাপুৰ আদি বিভিন্ন ঠাইৰ পৰা অহা কেইবা শতাধিক গাঁওবঢ়া সকল উপস্থিত থাকে । উল্লেখযোগ্য যে এই সভাতেই সমাজত প্ৰচলিত হৈ থকা ডাইনী সজাই হত্যা কৰাৰ দৰে কু সংস্কাৰ অন্ধবিশ্বাস দূৰ কৰাৰ লগতে বাল্য বিবাহ বন্ধ কৰা আৰু বহু বিবাহ বন্ধ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও বড়ো সমাজৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত যাতে সদা জাগ্ৰত হৈ উন্নয়নমূলক কামত শান্তিৰে আগুৱাই যাব পাৰে সেইবাবে বিভিন্ন দিশৰ ওপৰত আলোচনা বিলোচনা কৰা হয় । কাৰ্বি আংলং জিলা বড়ো গাঁওবুঢ়া সন্থাৰ পৰৱৰ্তী বছৰত ১৮ সংখ্যক বছৰেকীয়া অধিৱেশনখন হাওৰাঘাটৰ দৈমা দৈচা আঞ্চলিকৰ অধীনত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।