গুৱাহাটী,২৫ মাৰ্চ : ছিংগাপুৰৰ আদালতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ বুধবাৰে দিয়া ৰায় সন্দৰ্ভত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে গুৱাহাটীৰ খানাপাৰাৰ হেলিপেডত এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, “১৯ ছেপ্তেম্বৰৰ পিছত ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰে বিশেষ এক আইনী চুক্তি স্বাক্ষৰ কৰিছিল। জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ’ল সেয়া জানিবলৈ বিশেষ আইনী চুক্তি কাৰ্যকৰী কৰা হ’ল যাতে দুয়োখন চৰকাৰৰ মাজত সন্তুলন সৃষ্টি হ’ব৷ তদন্তৰ ক্ষেত্ৰত দুয়োখন চৰকাৰৰ মাজত তথ্যৰ আদান-প্ৰদান কৰা হ’ব৷ পিছত হিমন্ত বিশ্ব শৰ্মাই যি এছ আই টি গঠন কৰিলে সেই এছ আই টি ছিংগাপুৰলৈ গ’ল। আমি আশা কৰিছিলো ছিংগাপুৰ আৰক্ষী, গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা হ’ব আৰু তথ্যৰ আদান-প্ৰদান কৰা হ’ব৷ বিধানসভাৰ মজিয়াত জুবিন গাৰ্গৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি শুনিছো। মুখ্যমন্ত্ৰীয়ে বিধানসভাত ক’লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। একে সময়তে ছিংগাপুৰত গোচৰ চলি আছিল আৰু শুনানি আৰম্ভ হয়। অৱশেষত ছিংগাপুৰৰ তদন্তত তাৰ বিষয়াসকলে ক’লে যে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছে। আজি ছিংগাপুৰৰ বিষয়াৰ কথাৰেই ছিংগাপুৰ আদালতে ৰায় দিলে। আমাৰ মনত বহু প্ৰশ্নৰ উদয় হৈছে। যিবোৰৰ উত্তৰ আমি পাব লাগিছিল। কিন্তু আজিৰে পৰা তেনে প্ৰশ্নবোৰ আৰু বাঢ়িলে।”

গৌৰৱ গগৈয়ে আৰু কয়, “দুয়োখন চৰকাৰৰ মাজত আলোচনা চলিল। অসমৰ এছ আই টি তালৈ গ’ল। দুয়ো দেশৰ মাজত নিশ্চয়কৈ তথ্যৰ আদান-প্ৰদান হৈছে। তাৰ পিছতো ছিংগাপুৰ চৰকাৰে এটা কথা কয়, অসম চৰকাৰে বিধানসভাত আন এটা কথা কয়। আজিৰ ছিংগাপুৰৰ আদালয়ৰ যি ৰায়, সেই ৰায়ে জুবিন গাৰ্গ হত্যাৰ মুখ্য অভিযুক্তসকলক সহায় কৰিব৷ য’ত হোটেলত থাকিলে, য’ত মৃত্যু হ’ল, তাত তদন্ত হ’ল। বিদেশ মন্ত্ৰালয়ে আলোচনা কৰিলে। তাৰ পিছতো চৰকাৰৰ প্ৰতিনিধি আৰু ছিংগাপুৰৰ আদালতে এনে এটা ৰায় দিলে যে যি ৰায়ক আমি মানি লোৱাতো জটিল হৈছে৷”
গৌৰৱ গগৈয়ে কয়, “মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনীভাৱে সহায় কৰা হ’ল। ছিংগাপুৰৰ ৰায়ে দুয়ো অভিযুক্তক সকাহ প্ৰদান কৰিলে। জুবিন গাৰ্গৰ ন্যায় আজি ক’লৈ গ’ল, দুয়ো চৰকাৰৰ মাজৰ সন্তুলনৰ কি হ’ল। অসমৰ ৰাইজ আজি বিভ্ৰান্তিত আছে। মুখ্যমন্ত্ৰীয়ে মোৰ সম্পৰ্কত বহুত কথা কৈ থাকে। আজিও মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দল সম্পৰ্কত বহুত কথা কৈছে। হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে যদি বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেন্তে অসমৰ ৰাইজে বিজেপিক ভোট দিব নালাগে। হিমন্ত বিশ্ব শৰ্মাৰ এই কথা আজি মনত আছে নে নাই। গৌৰৱ গগৈয়ে লগতে কয়, “জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্তক মানুহে বিশ্বাস কৰিব টান পাইছে। মানুহে দেখি আছে আৰু ভাবিছে এয়া কি হৈ আছে। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাতকৈ বিজেপিয়ে আজি জুবিন গাৰ্গৰ চৰিত্ৰহননত লাগিছে। মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ ক্ষেত্ৰত এটাও কথা ক’ব নোখোজে। সমাধি ক্ষেত্ৰ উন্নয়নৰ ক্ষেত্ৰত, চৰিত্ৰহননৰ ক্ষেত্ৰত একো কথা নকয়। আমি ভবা নাছিলো যে জুবিনদাৰ মৃত্যুৰ ক্ষেত্ৰত এনে এটা ৰায় আহিব। আমাৰ দৰেই বহুতৰে এনে ৰায়ক বিশ্বাস কৰিবলৈ টান হৈছে।’’