গুৱাহাটী,২৫ মাৰ্চ : ৰাজ্যজুৰি এতিয়া বিধানসভা নিৰ্বাচনৰ গৰম বতাহ বলিছে। ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা সমষ্টিত একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। দেশৰ নিৰ্বাচন আয়োগে জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬এ (১) অনুসৰি প্ৰদান কৰা ক্ষমতাৰ আধাৰত আৰু ধাৰা ১২৬এ (২)ৰ বিধানসমূহ বিবেচনা কৰি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ সম্পৰ্কত এক্সিট প’ল অনুষ্ঠিত কৰা আৰু তাৰ ফলাফল প্ৰচাৰ বা প্ৰকাশ কৰাৰ ক্ষেত্ৰত নিষিদ্ধ সময়সীমা ঘোষণা কৰিছে। এই অনুসৰি অহা ৯ এপ্ৰিল বৃহস্পতিবাৰৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্ৰিল ২০২৬ বুধবাৰৰ সন্ধিয়া ৬.৩০ বজালৈকে এই সময়ছোৱাত ছপা অথবা বৈদ্যুতিন মাধ্যমত অথবা আন কোনো উপায়ে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন সম্পৰ্কত এক্সিট প’ল সম্পাদন কৰা, প্ৰকাশ কৰা বা প্ৰচাৰ কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তদুপৰি জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬(১)(খ) অনুসৰি, নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্তিৰ বাবে নিৰ্ধাৰিত সময়ৰ আগৰ ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো বৈদ্যুতিন মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয়বস্তু প্ৰচাৰ কৰা, মতামত সমীক্ষা (opinion poll) বা অন্য কোনো সমীক্ষাৰ ফলাফল প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন মুক্ত, নিকা আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰিবলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ছপা আৰু বৈদ্যুতিন সকলো সংবাদ প্ৰতিষ্ঠান, সংস্থা আৰু সংশ্লিষ্ট সকলো পক্ষক এই বিধানসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।