গুৱাহাটী,২৮ মাৰ্চ : কংগ্ৰেছ দলে মানুহক এক কৰে, বিজেপিয়ে মানুহক ভাগ ভাগ কৰে। কেবাদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা অসম কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক ডি কে শিৱকুমাৰে গুৱাহাটীত আজি এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে। গুৱাহাটীৰ বতৰ ভাল বুলি উল্লেখ কৰি শিৱকুমাৰে কয় যে অসমৰ ৰাজনৈতিক বতৰলৈ চালে পৰিৱৰ্তনৰ বতাহ স্পষ্ট হৈ পৰে। ”মই অসমত কেৱল প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে বুলিয়েই নকও। মই ক’ব খুজিছো যে এয়া হৈছে অসমৰ জনতাৰ ইচ্ছা। অসমৰ জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু এখন ভাল চৰকাৰ বিচাৰিছে। কংগ্ৰেছৰ চৰকাৰৰ ইতিহাসলৈ যদি চোৱা যায় তেন্তে দেখা যায় যে কংগ্ৰেছৰ চৰকাৰে সকলোকে সামৰি লয়। কিন্তু বিজেপিৰ চৰকাৰত কেৱল একনায়কত্ববাদ চলে।’’-শিৱকুমাৰে কয়। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত অতীত স্মৰণো কৰে। তেওঁ কয় যে যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া বিজেপিয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ তথা তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিপৰায়ণ মন্ত্ৰী আখ্যা দিছিল। হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিক লৈ বিজেপিয়ে এখন পুস্তিকাও প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে একালৰ সেই ভ্ৰষ্টাচাৰী নেতাজনে কেনেকৈ এতিয়া নিকা হৈ পৰিল আৰু সেই বিজেপি দলটোৰে পোষ্টাৰ বয় হৈ পৰিল? ইয়াৰ উত্তৰ অমিত শ্বাহে অসমবাসীক দিয়া উচিত বুলিও কয় শিৱকুমাৰে। বৰ্তমান সমগ্ৰ দেশতে বিজেপি দল তেনেই দুৰ্বল হৈ পৰিছে বুলিও কয় শিৱকুমাৰে। অসমতো বিজেপি দলে ১০ বছৰ চৰকাৰ চলোৱাৰ পিছতো এতিয়াও নিজকে শক্তিশালী কৰি তুলিব পৰা নাই বুলিও কয় শিৱকুমাৰে। তেওঁ কয় যে নিৰ্বাচনত যুঁজি জয়ী হ’ব পৰা শক্তি গোটাব পৰা নাই বাবেই বিজেপি দলে কংগ্ৰেছৰ সাংসদ বা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিৰ দৰে নেতাসকলক বিজেপিয়ে নিজ দললৈ নিবলগীয়া হৈছে আৰু নিৰ্বাচনত নমাবলগীয়া হৈছে। ”তোমালোকে ১০ বছৰ ধৰি শাসনত আছা। তোমালোকে যদি ভাল কাম কৰিছা, তোমালোকে যদি নতুন নতুন নেতাৰ সৃষ্টি কৰিব পাৰিছা তেন্তে আমাৰ যিজন নেতাই তোমালোকৰ মূল নেতাৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুতৰ দায়িত্বত আছিল সেই নেতাজনক দলত লোৱাৰ প্ৰয়োজনেই বা কিয় হ’ল?’’-বিজেপি দলৰ এনে কাৰ্যই দলটো যে দুৰ্বল হৈ পৰিছে আৰু পৰাজয় স্পষ্টকৈ দেখিবলৈ পাইছে সেয়া স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰি এইদৰে কয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীজনে। একেদৰে তেওঁ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ অনুৰূপধৰণে হিটলাৰী শাসন চলাইছে বুলিও মন্তব্য কৰে। শিৱকুমাৰে কয় যে অসমত বিজেপিৰ সভালৈ যোৱা মহিলাসকলহে চৰকাৰী আঁচনিৰ ধন লাভ কৰে আৰু বিজেপিৰ সভালৈ নগ’লে আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব বুলি স্থানীয় নেতাসকলে মহিলাকসকলক ভাবুকি দিয়ে বুলি শুনি তেওঁ আচৰিত হৈ পৰিছে। ”কৰ্ণাটকটো আমাৰ চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক মাহিলি ২০০০ টকাকৈ প্ৰদান কৰে। কিন্তু আমি মহিলাসকলক যোগ্যতাৰ আধাৰতহে ধন দিও। কোনো সভালৈ যাব লাগিব বুলি আমি দাবী-ধমকি নিদিও। যি দলৰে সদস্য নহওক কিয়, যি দলকে সমৰ্থন নকৰক কিয় যদি যোগ্যতা আছে তেন্তে আমি আঁচনিৰ বাবে নিৰ্বাচিত কৰো। কিন্তু অসমলৈ আহি মই গম পাইছো যে ইয়াত বিজেপি চৰকাৰে দলীয় সভালৈ নগ’লে মহিলাসকলক আঁচনি নিদিয়ে। এয়া দেখদেখকৈ হিটলাৰী শাসন।’’-শিৱকুমাৰে কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখত যি আহে তাকেই ক’লে অসমৰ ৰাইজে সেয়াই সদায় মানি ল’ব বুলি ভবাতো মূৰ্খামিও বুলিও কয় শিৱকুমাৰে। তেও কয়, ”হিমন্তই এক সাক্ষাৎকাৰত কৈছে যে কংগ্ৰেছৰ ৩০ শতাংশ টিকট তেওঁ নিজৰ মতে দিছে। তেওঁ ক’ব খুজিছে কি? তেওঁৰ কথা মতে টিকট দিবলৈ মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ দৰে নেতাসকল কংগ্ৰেছত কি এনেই বহি আছে? বিজেপি দলত নিকা হৈ তেওঁ এতিয়াও কিয় কংগ্ৰেছ দলৰ কথা ইমানকৈ চিন্তা কৰি আছে? তেওঁ তাৰমানে বিজেপি দলত থাকিও দলটোত মন বহাব পৰা নাই আৰু সেয়ে কংগ্ৰেছৰ টিকটক লৈ চিন্তা কৰিবলগীয়া হৈছে? অসমৰ ৰাইজে তেওঁৰ এনেবোৰ বাৰেভচহু কথা বিশ্বাস কৰিব বুলি যদি ভাবিছে তেন্তে তেওঁ মহামূৰ্খামি কৰিছে।’’ শিৱকুমাৰে কয় যে বিজেপি দলটো এতিয়া প্ৰাক্তন কংগ্ৰেছ নেতাৰে ভৰি পৰিছে। বিজেপি দলটোক কংগ্ৰেছে একপ্ৰকাৰ দখল কৰি ল’লে বুলি বিজেপিৰ পূৰ্বৰ বহু চিনাকি নেতাই আক্ষেপ কৰে বুলিও কয় শিৱকুমাৰে। এসময়ত গান্ধী পৰিয়ালৰ বাবে সকলো কৰিবলৈ সাজু হৈ থকা হিমন্ত বিশ্ব শৰ্মাই এতিয়া গান্ধী পৰিয়ালৰ বিষয়ে কটুক্তি কৰিলেও সত্যক কেতিয়াও সলনি কৰিব নোৱাৰে বুলিও মন্তব্য কৰে শিৱকুমাৰে। তেওঁ কয়, ”গান্ধী-নেহৰু পৰিয়ালৰ এই দেশত এক ইতিহাস আছে। গান্ধী-নেহৰু পৰিয়ালে দেশৰ হৈ যথেষ্ট ত্যাগ কৰিছে। স্বাধীনতাৰ সময়ত নেহৰু পৰিয়ালে দেশৰ বাবে কিদৰে নিজকে উৎসৰ্গা কৰিছিল সেয়া ইতিহাসত লিপিৱদ্ধ হৈ আছে। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে দেশৰ বাবে বলিদান দিছিল। ছোনিয়া গান্ধীয়ে ইউপিএৰ অধ্যক্ষা হৈ থকা সময়ত নিজে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব পৰাকৈ সকলো ক্ষমতা থকাৰ পিছতো প্ৰধানমন্ত্ৰীৰ দৰে পদবীৰ লোভ ত্যাগ কৰি দেশখনক আগবঢ়াই নিয়াৰ স্বাৰ্থতে মহান অৰ্থনীতিবিদ ড০ মনমোহন সিঙক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ আহ্বান জনাইছিল। কংগ্ৰেছ হৈছে এনে ত্যাগৰ ইতিহাস থকা দল।’’ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰাৰ সময়ত ‘বডী ডাবল’ৰ দৰে কথা কৈ হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ দেশতে হাঁহিয়াতৰ পাত্ৰ হ’বলগীয়া হৈছিল বুলিও কয় শিৱকুমাৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই ইমান দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত হৈ আছে যে দেশৰ কোনো ৰাজ্য চৰকাৰতে এনে দুৰ্নীতিপৰায়ণ নেতা-মন্ত্ৰী নাই। আনকি অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে নিজৰ পৰিয়ালৰ নামতো দুৰ্নীতিত লিপ্ত হৈছে বুলিও কয় শিৱকুমাৰে। এই সত্য কথাবোৰ লিখা বাবে, প্ৰকাশ কৰা বাবে হিমন্ত চৰকাৰে বাতৰি কাকত জ্বলাই দিছে বুলিও তেওঁ মন্তব্য কৰে। শিৱকুমাৰে কয় যে চতুৰ্থ স্তম্ভৰ ওপৰত কৰা এনে আক্ৰমণ গণতন্ত্ৰৰ বাবে অতিশয় দুৰ্ভাগ্যজনক। অসমত যদি হিমন্ত চৰকাৰে দাবী কৰাৰ দৰে চাকৰি দিব পাৰিছে তেন্তে তেঁঁওৰ নিজৰ ৰাজ্য কৰ্ণাটকৰ লগতে দক্ষিণ ভাৰতৰ বাকী ৰাজ্যসমূহলৈ অসমৰ পৰা প্ৰতিবছৰে লাখ লাখ যুৱক-যুৱতী কিয় চাকৰি বিচাৰি যাবলগীয়া হৈছে বুলিও শিৱকুমাৰে প্ৰশ্ন কৰে। ছয় জনগোষ্ঠীক প্ৰতিশ্ৰুতি দিও, ইস্তাহাৰত ঘোষণা কৰাৰ পিছতো কিয় জনজাতিকৰণ কৰিব নোৱাৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে। ১০ বছৰ শাসনত থাকিও এই মৌলিক সমস্যাবোৰ সমাধান কৰিব নোৱাৰা বিজেপি চৰকাৰখনক অসমৰ ৰাইজে এইবাৰ বিদায় দিব বুলিও কয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীজনে। শিৱকুমাৰে কয় যে কংগ্ৰেছৰ শাসন থকা ৰাজ্যসমূহৰ চৰকাৰে ইস্তাহাৰত যি যি প্ৰতিশ্ৰুতি দিছিল সেয়া এটা এটাকৈ পূৰণ কৰিছে। অসমতো কংগ্ৰেছ চৰকাৰ হ’লে প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ হ’ব বুলিও শিৱকুমাৰে আশ্বাস দিয়ে। কংগ্ৰেছ দলে, ৰাহুল গান্ধীয়ে সাধাৰণ জনতাক সদায় শক্তিশালী হোৱাতো বিচাৰে কিয়নো সাধাৰণ জনতা শক্তিশালী হোৱা মানেই দেশ শক্তিশালী হোৱা বুলি কংগ্ৰেছ দলে অন্তঃকৰণৰে বিশ্বাস কৰে বুলিও কয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীজনে। আনহাতে, বাংলাদেশী ইছ্যুক লৈ সদা সৰৱ হৈ থকা হিমন্ত বিশ্ব শৰ্মাকো তথ্যৰ আধাৰত ক্ষুৰধাৰ সমালোচনা কৰে শিৱকুমাৰে। তেওঁ কয় যে বিজেপি চৰকাৰে যোৱা ১০ বছৰত যিমান বাংলাদেশী বিতাড়ন কৰিছে তাতকৈ কেবাগুণে অধিক বাংলাদেশীক মনমোহন সিং চৰকাৰে বিতাড়ন কৰিছিল। ইয়াৰ পিছত এনেবোৰ কথাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাক প্ৰতিশ্ৰুতি দিয়াৰ কোনো অধিকাৰ নাই বুলিও শিৱকুমাৰে স্পষ্ট কৰি দিয়ে।

সংবামেলত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ৱাৱধায়ক জিতেন্দ্ৰ সিঙে গুৱাহাটীৰ ড্ৰেইনেজ ছিষ্টেমক লৈ হিমন্ত বিশ্ব চৰকাৰক আওপকীয়াকৈ কটাক্ষ কৰে। তেওঁ কয়, ”সাংবাদিক বন্ধুসকল, আজি নিশ্চিয়কৈ আপোনালোকৰ সংবাদমেললৈ আহোতে কষ্ট হৈছে চাগৈ৷ কিয়নো পুৱাৰ দুঘণ্টাৰ বৰষুণে স্মাৰ্ট চিটি গুৱাহাটীক চুইমিং পুলত পৰিণত কৰিছে৷ মাথো দুঘণ্টাৰ বৰষুণতে বানত বুল গ’ল গুৱাহাটী৷’’ সিঙে আৰু কয় যে আজি অসমত প্ৰতিগৰাকী লোকে ভয়ত বসবাস কৰে৷ কোনো এজন যুৱকে যদি সামাজিক মাধ্যমত দুৰ্নীতিৰ বিৰুদ্ধে কিবা এটা লিখে তেতিয়া লগে লগে তেওঁৰ ঘৰত আৰক্ষী উপস্থিত হয়৷ কোনো এখন কাকতে যদি দুৰ্নীতিৰ বিৰুদ্ধে কিবা এটা লিখে তেতিয়া কাকতলৈ ফোন যায় আৰু ব্যৱস্থা গ্ৰহণৰ ধমকি দিয়া হয়৷ চেনেল বন্ধ কৰাৰ ভাবুকি দিয়া হয়৷ আয়কৰ বিভাগ, ইডি, মুখ্যমন্ত্ৰীৰ তদাৰকী গোটৰ ভয় দেখুওৱা হয়৷ আজি সমগ্ৰ ৰাজ্যত ভয়ৰ পৰিৱেশ বিৰাজ কৰিছে৷ অৰুণোদয়ৰ টকা মাহিলি দিয়া হৈ আছে মানেই মহিলাসকলে চৰকাৰৰ গোলাম নহয়। মুখ্যমন্ত্ৰী য’লৈকে নাযাওক কিয় মহিলাকসকলক ধমকি দিয়া হয়৷ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক ৰেলীত যদি মহিলাসকল উপস্থিত নাথাকে তেন্তে আঁচনিৰ পৰা নাম কৰ্তন কৰা হ’ব৷ পঞ্চায়ত নিৰ্বাচন বা অন্য নিৰ্বাচনত ভোট নিদিলে আঁচনিৰ পৰা নাম কৰ্তন কৰি দিয়াৰ ধমকি দিয়া হয়৷ আজিকালি হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল কৰিলে বা সভাত ভাষণ দিলে কেৱল কংগ্ৰেছৰ চিন্তা কৰে৷ ভাৰতীয় জনতা পাৰ্টীতকৈ কংগ্ৰেছক লৈ তেওঁৰ বেছি চিন্তা৷ কংগ্ৰেছে কি কৰিছে, কংগ্ৰেছে টিকট কাক দিছে সেয়া জানো বুলি দাবী কৰে৷ কংগ্ৰেছৰ সভাৰ খবৰ তেওঁৰ ওচৰলৈ যোৱা বুলি কয়৷ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰিলে তেওঁৰ পেটত বিষ কৰে৷ ৰাহুল গান্ধীক অট্টহাস্য কৰে৷ কিন্তু তেওঁ নিজৰ ঘৰখনলৈ নাচায়৷ সিঙে কয় যে আজি বিজেপি দুটা ভাগত বিভক্ত হৈছে৷ এটা গ্ৰুপ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতীয় জনতা পাৰ্টী আৰু আনটো হৈছে আৰএছএছৰ আদৰ্শৰ বিজেপি কৰ্মীসকলৰ বিজেপি পাৰ্টী৷ যিসকলে দীৰ্ঘ সময় অসমত কাম কৰিছে৷ বুথে বুথে কাম কৰিছে৷ ৩০, ৪০ বছৰ ধৰি সমগ্ৰ ৰাজ্যত কাম কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাক নিজৰ গ্ৰুপৰ বিজেপিক ভাল লাগে৷ ৪ বা ৫ জন মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে বিজেপিত অন্য এটা দল তৈয়াৰ কৰি ৰাজত্ব কৰিছে বুলিও সিঙে কয়। বিগত ৫ বছৰত যিসকলে প্ৰকৃত বিজেপি কৰ্মীয়ে দলটোক বিস্তাৰ কৰিছে সেইসকল নেতাক এজন এজনকৈ দলৰ পৰা আতৰা কৰি থকা হৈছে৷ ডাঙৰ উদাহৰণ হৈছে সৰ্বানন্দ সোণোৱাল৷ উজনি অসমৰ পৰা অহা সৰ্বানন্দ সোণোৱাল জনজাতীয় নেতা৷ আছুৰ পৰা আহি সংগ্ৰাম কৰিছে৷ আদৰ্শ বেলেগ বেলেগ হ’লেও সত্য কথা ক’ব লাগে৷ এজন সৎ নেতা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ আছিল যদিও তেওঁৰ চকী কাঢ়ি নিলে হিমন্ত বিশ্ব শৰ্মাই৷ সিঙে আৰু কয়, ”এই চৰকাৰ বিফল হৈছে৷ ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই৷ চাহ বাগান, কৰ্মসংস্থাপনক লৈ যি প্ৰতিশ্ৰুতি দিছিল সকলোতে বিফল হৈছে৷ এই সময় হৈছে জনতাৰ৷ জনতাই হিচাপ লওক৷ ৫ বছৰৰ মূৰকত ভোট বিচাৰি গ’লে হিচাপ দিব লাগিব৷ হিচাপে দিয়ক মুখ্যমন্ত্ৰী আৰু ঘনিষ্ঠই কিমান টকা লুটিলে৷ আজি ৰাইজে প্ৰশ্ন কৰি আছে যে অসমৰ যুৱ প্ৰজন্মই বহিঃৰাজ্যত যাবলগীয়া হয় কিয়? আজি বিজেপিৰ নেতা য’তে গৈছে তাত সভা কৰিব পৰা নাই৷ প্ৰচাৰ কৰিবলৈ গ’লে মহিলা আৰু যুৱকসকলে থিয় হৈ প্ৰশ্ন কৰিবলৈ ধৰে৷ আপোনালোকে দিয়া প্ৰতিশ্ৰুতি ৫ বছৰত কিমান পূৰণ কৰিলে৷ বিজেপিয়ে আজি হিচাপ দিব পৰা নাই বাবে প্ৰচাৰ কৰিব পৰা নাই৷’’

গৌৰৱ গগৈৰ পাক সংযোগ সন্দৰ্ভত জিতেন্দ্ৰ সিং

গৌৰৱ গগৈৰ পাক সংযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জিতেন্দ্ৰ সিঙে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি আতংকত আছে৷ গৌৰৱ গগৈৰ নাম শুনিলেই হিমন্ত বিশ্ব শৰ্মাই আতংকিত হৈ পৰে৷ জীতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মা কোন বুলি প্ৰশ্ন কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা সাধাৰণ লোক আছিল৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক নিজৰ পুত্ৰৰ দৰে গণ্য কৰিছিল৷ তৰুণ গগৈয়ে তেওঁক বিধায়ক কৰিলে, মন্ত্ৰী কৰিলে৷ ৰাজ্যখনত এক সুকীয়া পৰিচয় দিলে৷ হিমন্ত বিশ্ব শৰ্মাই বিনিময়ত কি দিলে? তৰুণ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পিঠিত ডেগাৰ মাৰিলে৷ হিমন্ত বিশ্ব শৰ্মাই এখন দীঘলীয়া চিনেমা চলালে৷ পোন প্ৰথমে অভিযোগ আনিলে৷ গৌৰৱ গগৈ, গৌৰৱ গগৈৰ পত্নী আৰু দুই সন্তানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে৷ এই অভিযোগ আমি সংবাদমেল পাতি কলে যে মই এছআইটি গঠন কৰিম৷ এমাহৰ পিছত এখন সংবাদমেল পাতি ক’লে যে মই এছআইচটি গঠন কৰি দিলো৷ তাৰ পিছত আন এখন সংবাদমেলে পাতি ক’লে যে এছআইটি-এ কাম কৰি আছে৷ তিনিমাহ পিছত আন এখন সংবাদমেল সম্বোধন কৰি তিনি-চাৰিজন আৰক্ষী বিষয়াৰ সৈতে ফটো তুলি প্ৰতিবেদন জমা ল’লে৷ পুনৰ এখন সংবাদমেল সম্বোধন কৰি ক’লে যে এই প্ৰতিবেদন মই কেবিনেটলৈ প্ৰেৰণ কৰিম৷ সেয়াও এখন চিনেমাৰ দৰে কৰা হ’ল৷ আকৌ এখন সংবাদমেল সম্বোধন কৰি কয় যে কেবিনেটে সিদ্ধান্ত লৈছে যে প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিম৷ আপোনালোকে দেখিছে যে বিগত এটা বছৰত এখনে চিনেমা চলাই আছে৷ আজি এইখন চিনেমা ফ্লপ হৈছে৷ অসমৰ মানুহে ফ্লপ চিনেমা চাব নোখোজে৷ আজি মোৰ দুখ লাগে যে এনে এজন ব্যক্তি যিয়ে অসমৰ বাবে যুঁজি আছে, অসমৰ ভূমিপুত্ৰ যিজন মানুহে অসমৰ নাম সমগ্ৰ বিশ্বত জিলিকাইছে তেনে এটা পৰিয়ালৰ কণ কণ শিশুক বদনাম কৰা হৈছে৷ এয়া লজ্জাৰ বিষয়৷

কাইলৈ মুকলি হ’ব কংগ্ৰেছৰ ইস্তাহাৰ

জিতেন্দ্ৰ সিঙে সংবাদমেলত জনোৱা মতে কাইলৈ লখিমপুৰত এখন বিশাল ৰাজহুৱা সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিব। ইস্তাহাৰ সন্দৰ্ভত মন্তব্য কৰি সিঙে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ প্ৰস্তুতৰ সদস্য আছিল প্ৰদ্যুৎ বৰদলৈ৷ তেওঁ বিভিন্ন এলেকালৈ গৈছিল৷ ৰাইজৰ সমস্যাবোৰ তেওঁ ৰাজহুৱা কৰিছিল৷ মই আজি আশা কৰো যে এতিয়া বিজেপিক পৰামৰ্শ দিবলৈ বুদ্ধিৰ উদয় হওক৷ কাইলৈ ইস্তাহাৰখন কংগ্ৰেছে প্ৰকাশ কৰিব৷ এইখন ইস্তাহাৰত আমি এনে এক বিষয় সন্নিৱিষ্ট কৰিম যে যিটো বিষয় সমগ্ৰ অসমৰ ৰাইজে তথা সাংবাদিকসকলে বিচাৰে৷ সেয়া হৈছে সংবাদমাধ্যমৰ স্বাধীনতা৷ অসমত ভয়-ভাবুকিৰ পৰিৱেশ সমাপ্ত হ’ব লাগিব৷ আজি লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ডিঙি চেপা দিয়া হৈছে৷ সংবাদমাধ্যমে আমাক শুদ্ধ পথ দেখুৱাই৷ নেতাক সঠিক পথ দেখুৱাই৷ আমি ৰাজনীতিক৷ আমাৰ ভুল হ’ব পাৰে৷ আমি ভুল কৰিলে সংবাদমাধ্যমে আমাক সঠিক পথ দেখুৱাই৷ আজি অসমত যি ভয়ৰ পৰিৱেশ গঢ়ি উঠিছে তাক সমাপ্ত কৰিম বুলি প্ৰতিজ্ঞা লৈছো৷

বৰপেটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলক লৈ আদালতলৈ যোৱা হ’ব

বৰপেটা বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জিতেন্দ্ৰ সিঙে কয় যে ক’ৰবাত নহয় ক’ৰবাত আমাৰ ভুল হৈছে৷ বহু ফৰ্ম স্বাক্ষৰ কৰাৰ লগতে অতিৰিক্ত ফৰ্ম স্বাক্ষৰ কৰি দিয়া হৈছিল৷ গাঠি দিয়া ফৰ্মখন চোৱা হোৱা নাছিল৷ টেকনিকেলি সামান্য ভুল হৈছে৷ কিন্তু নিৰ্বাচন আয়োগৰ যি নীতি সেই নীতি মতে, যদি টেকনিকেলি সামন্য ভুল হয় তেন্তে সেয়া পৰীক্ষণৰ সময়ত শুধৰণি কৰিব পাৰে৷ এনেধৰণে উচ্চতম ন্যায়ালয়ে বহুবাৰ ৰায় দিছে৷ ফৰ্মখনত স্বাক্ষৰ নাছিল যদিও পুনৰীক্ষণৰ সময়ত স্বাক্ষৰ কৰি দিছো৷ তাত উচ্চ ন্যায়ালয়ৰ অধিবক্তা উপস্থিত হয়৷ কিন্তু নিৰ্বাচন আয়োগে বিজেপিৰ কাৰ্যকৰ্তাৰ দৰে কাম কৰি আছে৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ক উলংঘা কৰিছে৷ টেকনিকেল সমস্যাৰ বাবে কোনো লোকৰ মনোনয়ন বাতিল হ’ব নোৱাৰে৷ আমি উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিম৷ প্ৰয়োজনত উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়লৈ যাম৷ তাৰ পৰা কোনোবাই জয়ী হৈ আহিলেও সেই ফলাফল বাতিল হৈ পৰিব।

উল্লেখ্য যে আজিৰ এই সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সমন্বয়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাৱধায়কৰ দায়িত্বত থকা মহিমা সিং, মধ্যপ্ৰদেশৰ সাংসদ অশোক সিং আৰু এপিচিচিৰ মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসেও অংশগ্ৰহণ কৰে।