গুৱাহাটী,১০ এপ্ৰিল : এইবাৰৰ বিধানসভা নিৰ্বাচনত অসমৰ ভোটাৰ ৰাইজে ভোটদানৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন ৰেকৰ্ড গঢ়িলে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত অসমৰ ৮৫.৯১ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে। শুকুৰবাৰে নিৰ্বাচন আয়োগে দিয়া তথ্য মতে অসম বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৫.৯১ শতাংশ। ইয়াৰ পূৰ্বে কোনো বিধানসভা নাইবা লোকসভা নিৰ্বাচনত ইমান পৰিমাণৰ ভোটদান হোৱা নাছিল। আনহাতে এইবাৰৰ নিৰ্বাচনত মহিলা সকলক অংশ গ্ৰহণ আছিল উল্লেখযোগ্য। এইবাৰৰ বিধানসভা নিৰ্বাচনত মহিলাৰ ভোটদানৰ হাৰ হৈছে ৮৬.৫০ শতাংশ আৰু পুৰুষৰ হৈছে ৮৫.৩৩ শতাংশ। এইবাৰৰ নিৰ্বাচনত ৰাজ্যৰ মুঠ ২৫০৫৪৪৬৩ গৰাকী ভোটাৰৰ ভিতৰত আছিল ১২৫৩১৫৫২ জন পুৰুষ, ১২৫২২৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ইয়াৰ ভিতৰত পুৰুষৰ তুলনাত মহিলা সকলৰ ভোটদানৰ হাৰ বেছি। স্বাধীনতাৰ পাছত হোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত সৰ্বাধিক ভোটদান হৈছিল ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত। সেইবাৰ ভোটদানৰ হাৰ আছিল ৮৪.৬৭ শতাংশ। কিন্তু এইবাৰ ৮৫.৯১ শতাংশৰে অসমৰ ভোটাৰ ৰাইজে নতুন অভিলেখ ৰচনা কৰিলে।
Home অসম আৰু উত্তৰপূব অসমত ৮৫.৯১ শতাংশ ভোটদানৰ সৰ্বকালৰ অভিলেখ : পুৰুষৰ বিপৰীতে মহিলাৰ ভোটদানৰ হাৰ...








