গুৱাহাটী,২০ মে’ : দুটা বছৰৰ পাছত এইবাৰ অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে মা কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ। ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰ নীলাচল পাহাৰত অনুষ্ঠিত হোৱা নাছিল ইতিহাস প্ৰসিদ্ধ অম্বুবাচী মেলা। বিগত দুটা বছৰ কোনো ধৰণৰ মেলা অনুষ্ঠিত নকৰি মাথো পৰম্পৰাগত নিয়ম ৰক্ষা কৰা হৈছিল।

সুদীৰ্ঘ দুটা বছৰৰ পাছত ক’ভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষ সাজু হৈছে। লগতে সাজু হৈছে চৰকাৰ-প্ৰশাসন। ইতিমধ্যে অম্বুবাচী মেলা সন্দৰ্ভত মন্দিৰ কৰ্তৃপক্ষৰে চৰকাৰী পক্ষৰ আলোচনা অনুষ্ঠিত হৈছে। মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে ক’ভিড পৰিস্থিতি উন্নত হ’লেও অম্বুবাচী মেলাৰ সময়ত কেতবোৰ নিৰ্দেশনা থাকিব।

অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। এইক্ষেত্রত আলোচনা অব্যাহত আছে বুলি মন্দিৰ কৰ্তৃপক্ষৰ জানিবলৈ দিয়ে। উল্লেখ যে ২২ জুনৰ বিয়লি মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ’ব আৰু ২৬ জুনৰ পুৱা মন্দিৰৰ দুৱাৰ খোল খাব। দুবছৰৰ পাছত অম্বুবাচী মেলাত এইবাৰ উজ্বলি উঠিব নীলাচল পাহাৰ।