গুৱাহাটী,২০ মে’ : ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা প্ৰায় তিনিমাহ হ’বৰ হ’ল যদিও এতিয়াও এই যুদ্ধৰ অৱসান হোৱা নাই। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ জটিল ৰোগৰ বাবে এই যুদ্ধৰ ক্ষেত্রত স্থবিৰতাই বিৰাজ কৰা বুলি পশ্চিমৰ মিডিয়াই ব্যাপক চৰ্চা কৰিছে।
অৱশ্যে এই ক্ষেত্ৰত ৰুছ মিডিয়া সম্পূৰ্ণ নীৰৱ৷ পশ্চিমৰ মিডিয়াৰ দাবী যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত আৰু সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি জটিল৷ আন একাংশৰ মতে পুটিনে থাইৰইডৰ কৰ্কট ৰোগত ভুগিছে৷ অৱশ্যে দুয়োবিধ ৰোগৰ কথা অস্বীকাৰ কৰি পশ্চিমৰে আন একাংশ সংবাদ মাধ্যমৰ দাবী যে পাৰ্কিনচন ৰোগত ভুগি আছে পুটিনে৷
ৰোগ যিয়েই নহওক কিয় পশ্চিমৰ সংবাদ মাধ্যমৰ মতে পুটিনৰ স্বাস্থ্যৰ অৱস্থা এতিয়া অতি জটিল। পুটিন জটিল ৰোগত আক্ৰান্ত হোৱাৰ সৈতে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ আৰু যুদ্ধখন স্থবিৰ হৈ পৰাৰ গভীৰ সংযোগ আছে বুলি ধাৰণা কৰা হৈছে। ক্ৰিষ্টোফাৰ ষ্টেলি নামৰ এজন ব্ৰিটিছ গুপ্তচৰজনে দাবী কৰিছে যে পুটিনৰ শাৰীৰিক অৱস্থা সম্প্ৰতি অতি সংকটজনক।
ষ্টেলিৰ মতে ৰোগাক্ৰান্ত হৈ পৰাৰ ফলতে নিজৰ জীৱন কালত কেইটামান কৰিবলগীয়া কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিছিল৷ কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ পাছত তেওঁৰ ৰোগে জটিল ৰূপ ধাৰণ কৰাত পূৰ্ব পৰিকল্পনা অনুসৰি সকলো কাম আগবঢ়াব নোৱৰাৰ বাবে এতিয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধ স্থবিৰ হৈ পৰিছে৷