গুৱাহাটী,২০ মে’ : এবছৰ সম্পূৰ্ণ কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ প্ৰথম পদক্ষেপ হিচাপে ১৪ মে’ত চৰকাৰী ১১ টা বিভাগৰ ২২,৯৫৮ টা পদত নিযুক্তি প্ৰদান কৰে। প্ৰথমটো বৃহৎ নিযুক্তিৰ পাছতে লাখ লাখ নিবনুৱাই এতিয়া অপেক্ষা কৰিছে দ্বিতীয়টো বৃহৎ নিযুক্তিলৈ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰৰ প্ৰথম বছৰটোত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা ঘােষণা কৰিছিল।
প্রথম বর্ষপূর্তিৰ তিনিটা দিনৰ পাছতে এক লাখ নহ’লেও ২২,৯৫৮ জন নিবনুৱাৰ হাতত নিযুক্তি-পত্ৰ দিয়াৰ লগে লগে নিবনুৱা যুৱক-যুৱতী সকলে আশাৰ ৰেঙণি দেখিছে। ঘােষণা অনুসৰি বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত নিযুক্তিৰ বাবে এতিয়া অপেক্ষা কৰিছে চাকৰি প্রত্যাশীসকলে। উল্লেখ যে ১৪ মে’ত মুঠ ১১টা বিভাগত ২২,৯৫৮ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ল যদিও ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা তালিকা মতে সেই বিভাগকেইটাত মুঠ খালী পদ আছিল ৬১,২৫৮টা। বৃহৎ নিযুক্তি-পত্ৰ বিতৰণ কৰাৰ পাছতো এই বিভাগকেইটাত এতিয়াও ৩৮,৩০০ টা পদ খালী হৈ আছে।
উল্লেখ যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্রীসভাই শপত গ্ৰহণ কৰাৰ পিছদিনাই অনুষ্ঠিত প্রথমখন
কেবিনেট বৈঠকত দুটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। মাইক্ৰ’ফাইনে ঋণ মাফ কৰাৰ লগতে বিভাগসমূহত খালী হৈ থকা পদসমূহৰ বিষয়ে তথ্য সংগ্রহৰ বাবে বিত্ত মন্ত্রী অজন্ত নেওগক দায়িত্ব দিছিল কেবিনেটে। মন্ত্রী নেওগে বিভাগসমূহৰ পৰা তথ্য লাভ কৰাৰ পাছত এই কথা ওলাই পৰিল যে নতুনকৈ দহটা বেটেলিয়ন গঠনৰ বাবে ১০ হাজাৰ নতুন পদৰ লগতে ৰাজ্য চৰকাৰৰ অধীনস্থ মুঠ ৪৮টা বিভাগত ১,০০,৩৪৩ টা পদ খালী হৈ আছে। এবছৰত চৰকাৰখনে প্ৰায় ২৮ হাজাৰ নিবনুৱাক নিযুক্তি দিয়াৰ পাছত এতিয়াও সকলাে বিভাগতে মুঠ ৭৭ হাজাৰ গৰাকী নিবনুৱাক নিযুক্তি দিব পৰাৰ পথ মুকলি হৈ আছে। হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বৃহৎ নিযুক্তি আৰম্ভ কৰাৰ পাছত আন কেইবাটাও বিভাগত থকা বৃহৎসংখ্যক পদত নিযুক্তিৰ বাবে এতিয়া অপেক্ষা কৰিছে নিবনুৱা যুৱক-যুৱতীসকলে। প্রাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগত ১১,০৬৩ টা পদত নিযুক্তি দিয়া হ’ল যদিও এতিয়াও খালী হৈ আছে ১৯,১২৪ টা পদ। তেনেদৰে গৃহ বিভাগত ৮,৮৬৭টা পদত নিযুক্তি দিয়া হ’ল যদিও বিভাগটোত নিযুক্তিৰ বাবে আৰু ৯,২২৯টা পদ খালী হৈ থাকিল। ১১টা বিভাগত প্রায় ২৩ হাজাৰ নিবনুৱাৰ হাতত নিযুক্তি-পত্র তুলি দিলে যদিও বৃহৎ পৰিমাণৰ পদ খালী হৈ থকা বিভাগসমূহত এতিয়াও নিযুক্তি হ’বলৈ বাকী আছে।
তেনে বিভাগসমূহৰ ভিতৰত শক্তি বিভাগত ৫,৭৬৯ টা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১,২৪০ টা, পৰিৱেশ আৰু বন বিভাগত ১০০১ টা, পশুপালন আৰু পশু চিকিৎসা বিভাগত ৭১১৮ টা, পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগত ২১৩৭ টা, সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৫৬১ টা পদ খালী হৈ আছে। ৰাজ্য চৰকাৰে প্রথম বর্ষপূর্তিৰ তিনি দিনৰ পাছতে নিবনুৱাৰ হাতত নিযুক্তি-পত্ৰ তুলি দিয়াৰ পাছত এতিয়া বিভিন্ন বিভাগত খালী হৈ থকা হাজাৰ হাজাৰ পদত নিযুক্তিৰ বাবে অপেক্ষা কৰিছে ৰাজ্যৰ লক্ষ লক্ষ নিবনুৱাই। এই পদসমূহ কেতিয়া পূৰণ কৰা হ’ব সেয়া সময়েহে ক’ব যদিও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহত আৰু ৭-৮ হাজাৰ নিযুক্তি দিয়াৰ লগতে জুলাইৰ শেষৰ সপ্তাহত ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে।