গুৱাহাটী,২০ মে’ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ পাছতে মিত্রদল অগপই আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা। অগপৰ মুখ্য কাৰ্যালয় আমবাৰীত অলপতে অনুষ্ঠিত দলৰ অভিনন্দন অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দলক শক্তিশালী কৰাৰ বাবে অগপ নেতৃত্বৰ প্ৰতি আহ্বান জনাইছিল। সেই আহ্বানৰ পাছতেই যেন সাৰ পালে অগপ নেতৃত্ব। দলৰ সাংগঠনিক ভেটিত ন-ৰূপ দিয়াৰ কৌশল হিচাপে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপই ইতিমধ্যেই সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক সভা অনুষ্ঠিত কৰিছে।
উল্লেখ যে দুবাৰকৈ শাসনৰ বাঘজৰী লাভ কৰা অগপ এতিয়া একপ্ৰকাৰ অস্তিত্বহীন। বিজেপিৰ সৈতে মিত্রতা কৰি বৰ্তাই ৰাখিছে নিজৰ অস্তিত্ব। দীৰ্ঘসময় নেতৃত্বকেন্দ্ৰিক বিবাদত নিমজ্জিত হৈ থকা আঞ্চলিক দলটো এতিয়া একপ্ৰকাৰ বিজেপিৰ আশ্ৰয়ত থাকি গণবিচ্ছিন্ন হৈ পৰিছে। শেহতীয়া নিৰ্বাচনসমূহৰ যোগেদি সেই কথা প্ৰমাণ হয়।
দলটোক ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াসেৰে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ কেন্দ্ৰীয় কমিটীৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত বিধান পৰিষদসমূহৰ উদ্যোগত সাংগঠনিক সভাসমূহ অনুষ্ঠিত কৰা হৈছে। সাংগঠনিক সভাৰ জৰিয়তে দলত নতুন সদস্যভৰ্তি অভিযান আৰু পুঁজি সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
চাবুৱা, ডিব্ৰুগড়, নাজিৰা, তেজপুৰ, বিশ্বনাথ, বৰপেটা, দেৰগাঁও, আমগুৰি, গোলাঘাট, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, দিছপুৰ, মঙলদৈ, ছিপাঝাৰ, কমলপুৰ, নলবাৰী, পাটাছাৰকুছি, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, মানকাচৰ, ধুবুৰী, উত্তৰ অভয়াপুৰী, বাঘবৰ, নাওবৈচা, বকো, পলাশবাৰী, জাগীৰোড, লাহৰিঘাট, নগাঁও, সৰুপথাৰ, খুমটাই, নাহৰকটীয়া, মাহমৰা, শদিয়া, থাওৰা, মাৰ্ঘেৰিটা, তিনিচুকীয়া, মাজুলী, জোনাই, বিলাসীপাৰা আদি সমষ্টিত দলীয় নেতাসকলৰ উপস্থিতিত সাংগঠনিক সভাসমূহ ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে।
আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিতো অগপই সাংগঠনিক সভা অনুষ্ঠিত কৰে। বিজেপিৰ দখলত থকা বহুকেইটা সমষ্টিত অগপই দলটোৰ ভেটি শক্তিশালী কৰাৰ বাবে সাংগঠনিক সভা অনুষ্ঠিত কৰিছে। অৱশ্যে এই তৎপৰতাৰ যোগেদি অগপই ৰাইজৰ আস্থা আৰু বিশ্বাস লাভ কৰি কিমান দূৰ আগুৱাই যাবলৈ সক্ষম হ’ব সেয়া সময়েহে ক’ব।