গুৱাহাটী,২ জুনঃ ৰাজ্যজুৰি অব্যাহত ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে আজি অভূতপূৰ্ব সফলতা লাভ কৰে কামৰূপ আৰক্ষী আৰু নাৰ্কোটিক কণ্ট্ৰ’লছ ব্যুৰই (এন চি বি)। ডিমাপুৰৰ পৰা বৃহৎ পৰিমাণৰ মৰ্ফিন কঢ়িওৱা এখন জিপছি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষৰ অভিযানকাৰী দল। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত আৰক্ষীয়ে মৰ্ফিনসহ বাহনখন জব্দ কৰে। জিপছিখনৰ দুৱাৰৰ ভিতৰত লুকুৱাই অনা এই ড্ৰাগছ সন্দৰ্ভত গোপন তথ্য লাভ কৰিছিল এন চি বিয়ে। এ এছ-০১-এফ এ-৪৬১৭ নম্বৰৰ জিপছিখনত ১৬.৭৭ কেজি মৰ্ফিন সৰবৰাহ কৰিছিল দুই সৰবৰাহকাৰীয়ে। তেওঁলোক হ’ল ক্ৰমে বিহাৰৰ অনন্তজিৎ ৰায় আৰু বৰপেটাৰ নুৰ মহম্মদ। দুয়োকে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে অভিযানকাৰী দলটোৱে জেৰা অব্যাহত ৰাখিছে। কামৰূপ আৰক্ষীয়ে সদৰি কৰা মতে ড্ৰাগছখিনিৰ মূল্য ১৬ কোটিৰো অধিক। উল্লেখ্য যে এটা অভিযানতে এনে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাটো যোৱা এটা বছৰৰ অভিযানকালৰ অন্যতম সাফল্য হিচাপে পৰিগণিত হৈছে।
