গুৱাহাটী,২ জুনঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ হৃদৰোগ আৰু স্নায়ুৰোগৰ ছুপাৰস্পেচিয়েলিটী হস্পিতাল ‘হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ’ (চি এন চেণ্টাৰ)ৰ পৰিচালনা সমিতিৰ দ্বিতীয়খন বৈঠক আজি সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকত চি এন চেণ্টাৰৰ চাৰিওটা বিভাগ কাৰ্ডিঅ’লজী, কাৰ্ডিঅ’ছাৰ্জাৰী, নিউৰ’লজী আৰু নিউৰ’ছাৰ্জাৰী বহিঃ আৰু আন্তঃ ৰোগী সেৱা বিভাগকে ধৰি অত্যাধুনিক চিকিৎসালয়খনৰ সামগ্ৰিক পৰিচালনাৰে জড়িত দিশসমূহ পৰ্যালোচনা কৰা হয়। বৈঠকত স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা, চি এন চেন্টাৰৰ সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্য, প্ৰশাসনিক বিষয়া কৰ্ণেল (ডাঃ) সঞ্জীৱ মেধি, লোকনিৰ্মাণ বিভাগ (গৃহ)ৰ অতিৰিক্ত মুখ্য অভিযন্তা (পিচিচি প্ৰজেক্ট) ভূপেন চন্দ্ৰ শৰ্মাকে ধৰি গ’ৱৰ্নিং ব’ডীৰ সদস্যসকল আৰু বিভাগীয় মূৰব্বীসকলে অংশগ্ৰহণ কৰে। ইফালে এই বৈঠকৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী মহন্তই চি এন চেন্টাৰৰ অ’পিডি আৰু ঔষধালয় পৰিদৰ্শন কৰাৰ লগতে চিকিৎসাধীন ৰোগীৰো খবৰ লয়। উল্লেখ্য যে ৯ মে’ত মুকলি কৰা এই নৱতম ছুপাৰস্পেচিয়েলিটী হস্পিতালখনত আজিলৈকে ৬৬৫২ ৰোগীয়ে (অ’পিডি আৰু আই পি ডি) হৃদৰোগ আৰু স্নায়ুৰোগৰ চিকিৎসা সেৱা গ্ৰহণ কৰিছে।
