গুৱাহাটী,৩ জুনঃ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীলৈ পুনৰ ই ডিৰ চমন। ১৩ জুনত উপস্থিত হ’ব লাগিব ই ডিৰ তদন্তকাৰী বিষয়াৰ সন্মুখত। ই ডিয়ে পূৰ্বে জাৰি কৰা এখন চমনত ৰাহুল গান্ধীক ২ জুনত ই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল। নেশ্যনেল হেৰাল্ড গোচৰত ই ডিয়ে ৰাহুল গান্ধীলৈ জাৰি কৰিছে এই চমন। ৰাহুল গান্ধী বৰ্তমান দেশৰ বাহিৰত থকাৰ বাবেই পুনৰ নতুনকৈ জাৰি কৰা হৈছে এই চমন। একেটা গোচৰত ৰাহুলৰ মাতৃ তথা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈও প্ৰেৰণ কৰা হৈছিল চমন। ৮ জুনত ই ডিৰ তদন্তকাৰী বিষয়াৰ সন্মুখত ছোনিয়া গান্ধীক হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল। ছোনিয়া গান্ধীৰ দেহত বৃহস্পতিবাৰে ক’ভিডৰ উপস্থিতি ধৰা পৰাত তেওঁলৈ প্ৰেৰণ কৰা চমন স্থগিত ৰখা হৈছে। ক’ভিডৰ পৰা মুক্ত হ’লে পুনৰ গান্ধীলৈ ই ডিয়ে জাৰি কৰিব নতুন চমন।